ASSAM TIMES POST
বছৰটোৰ প্ৰথমখন খেল খেলিবলৈ নাপালে ভাৰতীয় ক্ৰিকেট দলে৷ দেওবাৰে গুৱাহাটীত খেলিবৰ বাবে ভাৰত আৰু শ্ৰীলংকা দল সাজু হ’ল৷ ট’ছ হ’ল৷ ট’ছত জয়ী হ’ল ভাৰত৷ ভাৰতে বেটিং কৰিবলৈ আমন্ত্ৰণ কৰিলে আলহি দল শ্ৰীলংকাক৷ কিন্তু বৰষুণে খেল অনুষ্ঠিত কৰিবলৈ নিদিলে৷
দেওবাৰে দিনৰ লগতে সন্ধিয়া দিছিল বৰষুণ৷ বৰষুণ নোহোৱা হ’ল যদিও ২২ গজত লাগিল বিঘিণি৷ তাতে দিয়া আছিল ক’ভাৰ৷ কিন্তু ২২ গজত বৰষুণৰ পানী আহি সোমাল৷ বহু চেষ্টা কৰা হ’ল শুকুৱাবলৈ৷
ব্যৰ্থ হ’ল সকলো চেষ্টা৷ অৱশেষত নিশা ১০ বজাৰ আগে আগে ঘোষণা কৰিলে বাতিল হ’ল খেল৷ বছৰটোৰ প্ৰথমখন খেল চোৱাৰ পৰা বিৰত থাকিল ক্ৰিকেটপ্ৰেমী৷













