আশংকা আছিল মতেই আম আদমী পাৰ্টিয়ে (Aam Aadmi Party) প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও (Prime Minister’s residence gherao) কৰাৰ পিছতে দিল্লীত উত্তেজনাৰ সৃষ্টি (Tension prevails in Delhi) হয়। পুৱা দিল্লী আৰক্ষীয়ে জনাইছিল যে তেওঁলোকে এই কাৰ্যসূচীৰ বাবে আপক অনুমতি নিদিয়ে। ৰাজধানীৰ কিছুমান বিশেষ স্থানত ১৪৪ ধাৰাও জাৰি কৰা হয়। কিন্তু তাৰ পিছতো আপ সমৰ্থকসকলে সমবেত হ’বলৈ চেষ্টা কৰাত আৰক্ষীৰ সৈতে তেওঁলোকৰ সংঘৰ্ষ আৰম্ভ হয়। ইয়াৰ পিছত আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰি গাড়ীত উঠাই লৈ যায়।
মঙলবাৰে পুৱা প্ৰায় ১০ বজাত দিল্লীৰ পেটেল চ’ক মেট্ৰ’ ষ্টেচনৰ সন্মুখত সমৰ্থকসকল সমবেত হয়। আৰক্ষীয়ে আহি মাইক্ৰ’ফোনৰ জৰিয়তে কয় যে অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰা হৈছে। গতিকে আপ সমৰ্থকসকলে ৫ মিনিটৰ ভিতৰত সমাৱেশ প্ৰত্যাহাৰ কৰক।
কিন্তু তাৰ পিছতো প্ৰতিবাদকাৰীসকলে অঞ্চলটো এৰি যাবলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে সমৰ্থকসকলক গাড়ীত উঠাই লৈ যায়। আপৰ অভিযোগ যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত দিল্লী আৰক্ষীৰ জৰিয়তে বিজেপিয়ে বিৰোধী দলসমূহৰ ওপৰত অত্যাচাৰ চলাইছে।
ইফালে বিজেপিয়ে আপৰ কার্যসূচীৰ প্ৰতি প্ৰত্যাহ্বানৰ আহ্বান জনাইছে। তাৰ অংশ হিচাপে মঙলবাৰে ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামৰ পৰা দিল্লী সচিবালয়লৈ পদযাত্ৰাৰ আহ্বান জনাইছে। এই শোভাযাত্ৰাৰ নেতৃত্ব দিব দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ চছদেৱে। বিজেপিৰ মতে, আৰক্ষীয়ে তেওঁলোকক পদযাত্ৰা কৰিবলৈ অনুমতি দিয়া নাই। অৱশ্যে শান্তিপূৰ্ণভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি বিজেপিয়ে কয়।