আসনক লৈ অসন্তুষ্টিৰ বাবে কৰ্ণাটকত (Karnataka) মুকলিকৈ ৰাজপথলৈ ওলাই আহিছে এনডিএৰ দুই অংশীদাৰ বিজেপি আৰু জেডিএছ। শনিবাৰে টুমকুৰৰ ৰাজপথত দুয়োটা দলৰ কৰ্মী আৰু সমৰ্থকৰ মাজত মুকলিকৈ সংঘৰ্ষ হয়।
টুমকুৰত এনডিএৰ এক কাৰ্যসূচীত জেডিএছৰ বিধায়ক এম টি কৃষ্ণপ্পাই স্থানীয় বিজেপি নেতা কোণ্ডাজী বিশ্বনাথক হত্যাৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে ২০১৯ চনত তেওঁৰ নিৰ্বাচনত পৰাজয়ৰ বাবে এই ব্যক্তিজনেই দোষী। তাৰ পিছত অলপ সময়ৰ ভিতৰতে দুয়োগৰাকী নেতাৰ অনুগামীৰ মাজত উত্তেজনা বিয়পি পৰে আৰু সেয়া সংঘৰ্ষত পৰিণত হয়।
উল্লেখযোগ্য যে ২০১৯ চনত বিশ্বনাথ জেডিএছত আছিল। পিছত তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া আৰু তেওঁৰ পুত্ৰ তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰস্বামীৰ দল এৰি বিজেপিত যোগদান কৰে। সোমবাৰে একে মঞ্চত উপস্থিত থাকে টুমকুৰ বিজেপি প্ৰাৰ্থী ভি সোমন্নাও।
উল্লেখযোগ্য যে এইবাৰৰ লোকসভা নিৰ্বাচনত কৰ্ণাটকৰ ২৮খন আসনৰ ভিতৰত মাত্ৰ ৩খন আসন (হাছান, মাণ্ড্যা আৰু কোলাৰ) জেডিএছক বিজেপিয়ে এৰি দিয়ে।
দেৱেগৌড়াৰ দলটো উক্ত কথাতে ক্ষুব্ধ হয়। তদানীন্তন অবিভক্ত জনতা দলৰ সভাপতি শৰদ যাদৱ আৰু তেওঁৰ গোটৰ নেতাসকলে বিজেপিৰ লগত মিত্ৰতা কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত ১৯৯৯ চনত দেৱগৌড়াই নতুন দল জেডিএছ গঠন কৰে। ইতিমধ্যে কৰ্ণাটকত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰতিবাদত মুখ্যমন্ত্ৰীকে ধৰি জেডিএছৰ কেইবাজনো শীৰ্ষ নেতাই দল ত্যাগ কৰিছে।