চাইমন হেৰিছক আয়াৰলেণ্ডৰ (Simon Harris to Ireland) শাসনাধিষ্ঠ ফাইন গেল দলৰ নতুন নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। বুধবাৰে আইৰিছ প্ৰধানমন্ত্ৰী লিঅ’ ভাৰাদকাৰে ফাইন গেল দলৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পিছত চাইমন এই পদৰ একমাত্ৰ দাবীদাৰ হয়। লগে লগে তেওঁ দেশৰ আটাইতকৈ কনিষ্ঠ প্ৰধানমন্ত্ৰী হ’ব (Will be country’s youngest Prime Minister)।
দেওবাৰে ফাইন গেল দলৰ মুৰব্বী হিচাপে নিযুক্ত হোৱাৰ পিছত চাইমন হেৰিছে কয়, “এইটো মোৰ জীৱনৰ অন্যতম মহান সন্মান।” আইৰিছ সংসদত ৯ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ পদত ভোটদান কৰিব। শাসনাধিষ্ঠিত ফাইন গেল নেতৃত্বাধীন মিত্ৰজোঁটৰ সমৰ্থনত তেওঁ আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী হ’বলৈ সাজু হৈছে।
আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী লিঅ’ ভাৰাদকাৰে বুধবাৰে ডাবলিনত এখন সংবাদমেলত পদত্যাগৰ কথা ঘোষণা কৰিছিল। একে সময়তে, তেওঁ ঘোষণা কৰিছিল যে তেওঁ শাসকীয় মিত্ৰজোঁটত তেওঁৰ নিজৰ দল ফাইন গেলৰ মুৰব্বীপদ ত্যাগ কৰিব। ভাৰাদকাৰে সাংবাদিকৰ আগত কয়, “মই আজি ফাইন গেলৰ সভাপতি আৰু নেতা পদৰ পৰা পদত্যাগ কৰিছো।আৰু মোৰ উত্তৰাধিকাৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে মই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিম।”
ভাৰাদকাৰে কয় যে তেওঁ ‘ব্যক্তিগত আৰু ৰাজনৈতিক’ কাৰণত এই সিদ্ধান্ত লৈছে। তেওঁ কয় যে তেওঁ আয়াৰলেণ্ডক নেতৃত্ব দিয়াৰ বাবে নিজকে আৰু ‘উপযুক্ত’ বুলি বিবেচনা নকৰে। উল্লেখযোগ্য যে ২০১৭ চনত ফাইন গেল নেতা লিঅ’ ভাৰাদকাৰ ৩৮ বছৰ বয়সত আয়াৰলেণ্ডৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল।