নাইজেৰিয়াৰ (Nigeria) উত্তৰ-পশ্চিম সীমান্ত ৰাজ্য কাৰুণাত দুসপ্তাহতকৈও অধিক সময় বন্দী হৈ থকাৰ পিছত কমেও ১৩৭ জন স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মুকলি (137 school children released) কৰি দিয়া হৈছে। খবৰ অনুসৰি, ১৫০-তকৈও অধিক শিশুক এতিয়াও সন্ত্ৰাসবাদীয়ে বন্দী কৰি ৰাখিছে। ইয়াৰ পূৰ্বে চৰকাৰে এক বিবৃতিত কৈছিল যে সকলো শিক্ষাৰ্থীক মুকলি কৰি দিয়া হৈছে।
৭ মাৰ্চত বন্দুকধাৰীয়ে কুৰিগা বিদ্যালয়ৰ পৰা শিশুসকলক অপহৰণ কৰি অৰণ্যলৈ লৈ যায়। বিদ্যালয় কৰ্তৃপক্ষই জনায় যে ২৮৭ জন শিক্ষাৰ্থীক অপহৰণ কৰা হৈছে। তাৰে কমেও ১০০ জন ১২ অথবা তাৰ তলৰ বয়সৰ। নাইজেৰিয়ান সামৰিক কৰ্তৃপক্ষই কয় যে তেওঁলোকে বাকীসকলকো উদ্ধাৰ কৰিবলৈ যথাসাধ্য চেষ্টা কৰি আছে।