আজি পুৱা অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান (Police raid in Khatkhati) চলাই বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ (Intoxicating tablets seized) কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক (Arrest of supplier) কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্য অনুসৰি, খটখটীত আজি পুৱাৰ ভাগত চলোৱা নিয়মীয়া তালাচীৰ সময়তে পুৱা প্ৰায় ৮.৪০ বজাত ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখে আহি থকা এএছ-০২-এচি-০৬৫১ নম্বৰৰ যাত্ৰীবাহী বাছখনত তালাচী চলাই এজন যাত্ৰীৰ বেগৰ পৰা দহ হাজাৰ (প্ৰায় এক কিঃগ্ৰাঃ) ডব্লিউ ৱাই২১(য়াবা) টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।
এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰ ইম্ফলৰ মহঃ ৰঈছ খান (Md. Raees Khan of Manipur Impha) (২৪) নামৰ সৰবৰাহকাৰীটোক আটক কৰি অনুসন্ধান অব্যাহত ৰাখিছে। জব্দ হোৱা নিচাযুক্ত টেবলেটখিনিৰ বজাৰমূল্য কমেও প্ৰায় আঢ়ৈ কোটি টকা বুলি অনুমান কৰা হৈছে।