কাৰবি আংলঙ জিলাৰ সদৰ চহৰ ডিফুত ঘটিল এক অঘটন! নাদত পৰি এগৰাকী অট’চালকৰ মৃত্যু হোৱাৰ ঘটনাত এলেকাটোত তীব্ৰ শোকৰ ছাঁ পৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি সন্ধিয়া ডিফু আৰক্ষীয়ে ডিফুৰ সমীপৱৰ্তী এজিচি কলনিত এটা নাদত পৰি এজন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰি ডিফু থানাৰ অ’চি কিশোৰ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ দল উদ্ধাৰকাৰী কুৱা মিস্ত্ৰিৰ দল এটিকলৈ ঘটনাস্থলীত উপস্থিত হয় ৷
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু উদ্ধাৰকাৰী দলটোৱে প্ৰায় ৮০ ফুট দৈৰ্ঘৰ নাদটোৰ পৰা এজন পুৰুষলোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি লোকজন ডিফু এজিচি কলনি ৰংপাংৰিৰ টেনজিং হাঞ্চে (৩৫)বছৰ ৷ যোৱা দেউবাৰৰ পৰাই টেনজিং হাঞ্চে নিৰুদ্দেশ হৈ আছিল ৷
আজি পুৱা পৰিয়ালৰ লোকে নাদৰ পৰা পানী তুলিবলৈ গৈ পানীৰ গোন্ধৰ পৰা টেনজিং হাঞ্চে নাদত পৰা বুলি নিশ্চিত কৰে ৷ টেনজিং হাঞ্চে পেচাত এগৰাকী চালক আছিল বুলি জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি কাৰ্যবাহী দণ্ডাধীশৰ হতুৱাই পৰীক্ষা কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক চমজাই দিব বুলি জানিব পৰা গৈছে ৷