কাৰবি আংলং জিলাত (Karbi Anglong) শান্তিৰ পৰিৱেশ ঘূৰি অহা বুলি চৰকাৰে দাবী কৰি অহাৰ বিপৰীতে সহজলভ্য ধনৰ মোহত একাংশ বিপদগামী যুৱকে নতুন উগ্ৰপন্থী সংগঠনৰ নামত ধন সংগ্ৰহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ডিফু আৰক্ষীয়ে ডিফেন্স অফ কাৰবি লিবাৰেছন আৰ্মী ডিকেএলএ নামৰ এটা উগ্ৰপন্থী সংগঠনৰ নামত ডিফুৰ এগৰাকী ব্যৱসায়ীৰ পৰা এক কোটি টকা দাবী কৰা সংগঠনটোৰ অধ্যক্ষ ৰিচিম কাথাৰ ওৰফে বৰচিং টকবী (৩০) আৰু তেওঁৰ কণিষ্ট ভাতৃ থমাছ টকবী (২২)ক গ্ৰেপ্তাৰ কৰে ৷
আৰক্ষীৰ অভিযানকাৰী দলটোৱে ডিফু-লামডিং পথৰ পাঁচ কিলো পথত অভিযান চলাই দুয়ো গৰাকী স্বয়ম্ভূ কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে দুয়োৰে ঘৰ ডিফু-লামডিং পথৰ আঠ কিলোত ৷ আৰক্ষীয়ে দুয়োৰে পৰা চাৰিটা মোবাইল ফোন এখন মটৰ চাইকেল, ধনদাবী পত্ৰ উদ্ধাৰ কৰে ৷ দুয়ো গৰাকীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে ৷ আৰক্ষীয়ে এই সংক্ৰান্তত ডিফু থানাত ১২৭/২৩ নম্বৰত এটা গোৰ ৰুজো কৰি তদন্ত অব্যাহত ৰাখিছে ৷
উল্লেখনীয়যে, কাৰবি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক (সদৰ) দিলীপ মিলী আৰু ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জেএছ খবুঙে নেতৃত্বত চলা অভিযানটোত ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱ প্ৰতীম কোঁৱৰ আৰু থানা ষ্টাফে সহযোগ কৰিছিল ৷