ASSAM TIMES POST
নিউজ ডেক্সঃ দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত নতুন বছৰটোত প্ৰথমখন টি-২০ মেচ৷ এই মেচখন অনুষ্ঠিত হোৱাৰ পূৰ্বে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে আৰক্ষী প্ৰশাসনে৷
সেই অনুসৰি দৰ্শকে লগত নিব নোৱাৰিব প’ষ্টাৰ, বেনাৰ আদি৷ আনকি প্ৰিয় তাৰকাৰ প’ষ্টাৰ, বাৰ্তা লিখা আন প’ষ্টাৰ, স্কেছ পেন, ৰং, মাৰ্কাৰ বা পেঞ্চিল আদিও দৰ্শকে নিব নোৱাৰিব৷ নিব পাৰিব কেৱল ম’বাইল ফোন, গাড়ীৰ চাবি আৰু মাণি বেগ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিপক্ষে ৰাজ্যত চলি থকা আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত এম পি গুপ্তাই এই কথা জনাইছে৷