পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ (Manipur violence)। এইবাৰ মণিপুৰৰ এখন মহাবিদ্যালয় চৌহদত (On the college campus) সংঘটিত বিস্ফোৰণত এজন ছাত্ৰৰ মৃত্যু (One student killed in blast) হয়। আন এজন আহত হয়। চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁ। এই বিস্ফোৰণৰ আঁৰত কোন আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
আৰক্ষীৰ প্ৰাৰম্ভিক অনুমান অনুসৰি, কোনোবাই নিশাৰ আন্ধাৰৰ সুযোগ লৈ মহাবিদ্যালয় চৌহদৰ ভিতৰতে বিস্ফোৰক সামগ্ৰী এৰি থৈ যায়। উক্ত বিস্ফোৰকৰ বিস্ফোৰণত এনে ঘটনা সংঘটিত হয়।সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ইম্ফল পশ্চিমৰ ডি এম মহাবিদ্যালয় চৌহদত অৱস্থিত সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত এই বোমা বিস্ফোৰণ সংঘটিত হয়। শুকুৰবাৰে নিশা প্ৰায় ৯.৩০ বজাত এই বিস্ফোৰণৰ খবৰ পোৱা গৈছে।
মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীয়ে আহি গুৰুতৰভাৱে আহত দুজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। লগে লগে আৰক্ষীকো অৱগত কৰা হয়।আনহাতে, চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত এজন ছাত্ৰৰ মৃত্যু হয়। আনজন চিকিৎসাধীন হৈ আছে। মৃত যুৱকজনৰ নাম অইনাম কেনেগী (২৪)। আৰক্ষীৰ বিশেষ দল এটাই বিস্ফোৰণস্থলীলৈ গৈ তদন্ত আৰম্ভ কৰে।
কিন্তু এতিয়ালৈকে এই ঘটনাৰ লগত জড়িত কোনো লোকৰ সন্ধান পোৱা নাই। মহাবিদ্যালয়খনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে আৰক্ষীয়ে। তাৰ লগতে নিৰাপত্তাৰক্ষী আৰু অন্যান্য লোকক জেৰা কৰি অভিযুক্তৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। আনহাতে, শুকুৰবাৰে মাজনিশা এটা কার্যালয়তো অগ্নিসংযোগ কৰে দুৰ্বৃত্তই।