ভাৰতীয় সংৰক্ষিত বেটেলিয়নৰ আউটপোষ্টৰ পিছত এইবাৰ হিংসাত্মক মণিপুৰত জিলা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ (Manipur Violence)। চুৰাচান্দপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বৃহস্পতিবাৰে নিশা অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে।
কাৰ্যালয়টো ভাঙি-ছিঙি পেলোৱাৰ উপৰি কাৰ্যালয়ৰ সন্মুখত ৰখাই থোৱা বহু বাহনত অগ্নিসংযোগ কৰে। আনহাতে, কাষতে থকা জিলা দণ্ডাধীশৰ কাৰ্যালয়তো সংঘটিত হয় এই আক্ৰমণ। এই আক্ৰমণৰ সময়ত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন লোকক গুলীয়াই হত্যা কৰা হয়। কমেও ৩০ জন আহত হয়।
একাংশ প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা মতে, অপৰাধীৰ সংখ্যা কেইবাশ আছিল। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিয়োজিত আৰএএফৰ জোৱানক আক্ৰমণ কৰাৰ লগে লগে সংঘৰ্ষৰ সৃষ্টি হয়। তাৎপৰ্যপূৰ্ণভাৱে, মণিপুৰ আৰক্ষীৰ এজন জোৱানক এই আক্ৰমণৰ ভিডিঅ’ ফুটেজত চিনাক্ত কৰা হয়। আক্রমণকাৰী দলটোত আছিল সিয়ামলাল পাল নামৰ জোৱানজন। তেওঁক নিলম্বন কৰা হৈছে।