লোকসভা নিৰ্বাচনত (Loksabha Election) বিজেপিক বাধা দিবলৈ কংগ্ৰেছৰ সৈতে গোপন বুজাবুজি আম আদমী পাৰ্টিৰ। ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি, দিল্লীৰ সাতখন আসনৰ তিনিখন আসন কংগ্ৰেছৰ কাৰণে এৰিবলৈ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ‘বাৰ্তা’ প্ৰেৰণ কৰিছে।
লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে আসনৰ আপোচৰ সম্ভাৱনা সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বুধবাৰে কয়, “আগন্তুক দুই-তিনি দিনত কি হ’ব চোৱা যাওক।” প্ৰকাশিত প্ৰতিবেদনত দাবী কৰা হৈছে যে বুধবাৰে তিনিখন আসন এৰি দিয়াৰ বাবে কংগ্ৰেছ হাইকমাণ্ডক ‘বাৰ্তা’ দিছে কেজৰিৰ দলে। উল্লেখযোগ্য যে বুধবাৰে ইডিয়ে পুনৰ কেজৰিৱালক দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত সোধা-পোছাৰ বাবে মাতে।