ASSAM TIMES POST,গোলাঘাটঃ কেৱল নিজৰ দৈনন্দিন ব্যৱসায় আৰু লাভ লোকচানৰ হিচাপ নিকাচৰ কামতে সীমাবদ্ধ নাথাকি নিজৰ সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰি বানবিধ্বস্ত এলেকাত বন্যাৰ্তৰ কাষত থিয় হৈ কিঞ্চিৎ সহায়ৰ হাত আগবঢ়ালে গোলাঘাট নগৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানে।
গোলাঘাটৰ নগৰৰ বেঙেনাখোৱা চাৰিআলিত অৱস্থিত মা কামাখ্যা মটৰছ নামৰ দুচকীয়া বাহন বিক্ৰী প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ৰাজু শৰ্মা আৰু দীপক শৰ্মাৰ নেতৃত্বত প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীৰ এটা দলে দেৰগাঁৱৰ চৰাইচাপৰি, দলদলীয়া, শলমাৰী, দক্ষিণ আঁহতগুৰি আদি কেইবাটাও বানবিধ্বস্ত অঞ্চলত উপস্থিত হৈ দুই সহস্ৰাধিক বানাক্ৰান্ত লোকৰ মাজত বিস্কুটৰ পেকেট, বিশুদ্ধ খোৱা পানীৰ বটল আৰু অন্যান্য খাদ্য সামগ্ৰী তথা নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। নিজৰ গতানুগতিক ব্যৱসায় বাণিজ্যৰ কাম এদিনৰ বাবে বাদ দি এইদৰে মা কামাখ্যা মটৰছৰ স্বত্বাধিকাৰী তথা অন্যান্য কৰ্মচাৰীসকলৰ এইদৰে বন্যাৰ্তসকলৰ কাষত থিয় দিয়া কাৰ্যৰ সকলোৱে শলাগ লৈছে।