ASSAM TIMES POST
নিউজ ডেক্সঃ বাংলাদেশৰ ক্ৰিকেটাৰে ইংৰাজী বুজি নাপায়৷ ইয়াৰ প্ৰভাৱ পৰিছে প্ৰশিক্ষণ আৰু দলৰ খেলত৷ এইদৰে অভিযোগ কৰিছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অ’পেনাৰ তথা চিলেট থাণ্ডাৰ্ছৰ প্ৰশিক্ষক হাৰ্ছেল গিবছে৷ উল্লেখ্য যে বাংলাদেশ প্ৰিমিয়াৰ লীগৰ দল চিলেট থাণ্ডাৰ্ছৰ প্ৰশিক্ষক হাৰ্ছেল গিবছ৷
এই দলটোৰ স্কোৱাদত আছে ১২ জন বাংলাদেশৰ ক্ৰিকেটাৰ৷ তাৰ ভিতৰত ৫ জন বাংলাদেশৰ জাতীয় দলৰ ক্ৰিকেটাৰ আছে৷ গিবছৰ মতে তেওঁ প্ৰশিক্ষণৰ সময়ত ভাষাৰ প্ৰতিবন্ধকতাই বৃহৎ সদস্যৰ সৃষ্টি কৰিছে৷ স্থানীয় ক্ৰিকেটাৰে তেওঁৰ কথা শুনিলেও বুজি নাপায়৷ উল্লেখ্য যে আঠখন মেচৰ ভিতৰত চিলেট থাণ্ডাৰ্ছ দলে মাত্ৰ এখন খেলতহে জয়ৰ মুখ দেখিছে৷ পইণ্টৰ তালিকাত দলটো একেবাৰে তলত ৰৈছেগৈ৷













