বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ মান বজাত ডিফুত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত পূৱ কাৰবি আংলং জিলাৰ চূড়ান্ত ভোটাৰ তালিকাখন (Final Electoral Roll) প্ৰকাশ কৰা হয়৷ জিলা আয়ুক্ত মধুমিতা ভাগৱতী (Madhumita Bhagwati) আৰু নিৰ্বাচনী বিষয়া ব্ৰুহিদ ৰাভাৰ উপস্থিতিত এই চূড়ান্ত তালিকাখন প্ৰকাশ কৰা হয় ৷ প্ৰকাশ হোৱা তালিকা অনুসৰি পূৱ কাৰবি আংলঙত (East Karbi Anglong) মুঠ ভোটাৰ হ’ল ৫,১২,৩২৪ গৰাকী ৷ ইয়াৰে ডিফু আৰু হাওৰাঘাট নিৰ্বাচনী জিলাত ৩,৬২,১২৪ গৰাকী, বোকাজান নিৰ্বাচনী জিলাত মুঠ ভোটাৰ হ’ল ১,৫০,২০০ গৰাকী৷
ইয়াৰোপৰি ৫, ৬, ৭ আৰু নং প্ৰ পত্ৰ যোগে ভোটাৰ সকলে নাম ভৰ্তি, স্থানান্তৰ, কৰ্তন আৰু সংশোধনীৰ বাবে আবেদন কৰিব পাৰিব বুলি জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে জানিবলৈ দিয়ে।