ASSAM TIMES POST
নিউজ ডেক্সঃ পাঁচখন মেচৰ পাছত অৱশেষত জয়ৰ মুখ দেখিলে আৰ্ছেনালে৷ মানচেষ্টাৰ ইউনাইটেডৰ বিৰুদ্ধে নতুন জয়ৰ সোৱাদ ল’লে আৰ্ছেনালে৷ বছৰৰ আৰম্ভণিতে আৰ্ছেনালে মানচেষ্টাৰ ইউনাইটেড ২-০ গ’লত পৰাস্ত কৰে৷ এমিৰেটাছ ষ্টেডিয়ামত অনুষ্ঠিত বুধবাৰৰ খেলত ইংলিছ প্ৰিমিয়াৰ লীগত আৰ্ছেনালে ৮ মিনিটতে প্ৰথমটো গ’ল কৰি অগ্ৰগতি লাভ কৰে৷ এই গ’লটো দিয়ে পেপেই৷ আনহাতে খেলৰ ৪২ মিনিটত গ্ৰীক ডিফেণ্ডাৰ ছক্ৰেটিছ পাপাস্তাথোপউলাছে দ্বিতীয়টো গ’ল দি জয়ৰ পথ প্ৰশস্ত কৰে৷ দ্বিতীয়াৰ্ধত দুয়োটা দলে আক্ৰমণ তীব্ৰ কৰে যদিও কোনোৱে গ’ল কৰিবলৈ সক্ষম নহ’ল৷













