ভৰলু, মৰা ভৰলু, বশিষ্ঠ, বাহিনী আৰু লখিমীজান নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু নিষ্কাশনৰ বাবে ১২.৯১ কোটি টকাৰ প্ৰকল্প (River Cleaning and Sewerage Projects) হাতত লৈছে গুৱাহাটী পৌৰ নিগমে (Guwahati Municipal Corporation)। গুৱাহাটী পৌৰ নিগমে ২০২৩ চনৰ ২৭ ডিচেম্বৰত পাঁচখন নদীৰ বাবে পাঁচটা পেকেজত নিবিদা আহ্বান কৰিছে। প্ৰথমটো পেকেজত জোনালী দলং পইণ্টৰ পৰা ভৰলুমুখলৈকে ভৰলু নদী সামৰি লোৱা হ’ব। এই দূৰত্বত পৰিষ্কাৰ আৰু নিষ্কাশনৰ বাবে ৩.৩৫ কোটি টকা ধার্য কৰা হৈছে।
দ্বিতীয়টো পেকেজত মৰা ভৰলু নদী পৰিষ্কাৰ আৰু নিষ্কাশনৰ বাবে ২.৫৩ কোটি টকা। তৃতীয়টো পেকেজত বালাজী মন্দিৰৰ পৰা নতুন বজাৰ দলঙলৈকে বশিষ্ঠ নদী সামৰি লোৱা হ’ব। ইয়াৰ পৰিষ্কাৰ আৰু নিষ্কাশনৰ বাবে ২.৫৮ কোটি টকা। আনহাতে, চতুৰ্থটো পেকেজত পাটৰকুছিৰ পৰা জোনালী দলংলৈকে বাহিনী নদী সামৰি লোৱা হ’ব। ইয়াৰ বাবে ধার্য কৰা হৈছে ২.৮৫ কোটি টকা। ইয়াৰ উপৰি পঞ্চমটো পেকেজত ভেটাপাৰাৰ গল্ডেন পাথৰ পৰা দক্ষিণ গাঁও পাম্প হাউচলৈকে লখিমীজান নদী সামৰি পৰিষ্কাৰ আৰু নিষ্কাশনৰ বাবে ১.৬৫ কোটি টকা ধাৰ্য কৰা হৈছে। জিএমচিৰ সূত্ৰ মতে, ২০২৪ চনৰ ২২ জানুৱাৰীত নিবিদা দাখিলৰ অন্তিম তাৰিখ। নিবিদাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰা দিয়া হ’ব।