ASSAM TIMES POST
নিউজ ডেস্ক
সমগ্ৰ দেশকে আপোনালোকে কি এখন কাৰাগাৰ সজাব বিচাৰিছেনেকি? দেশজুৰি বিক্ষোভকাৰীৰ কাষত থাকি মোডী আৰু শ্বাহৰ বিৰুদ্ধে মত প্ৰকাশ কৰিলে এজন প্ৰাক্তন ন্যায়াধীশকে৷
কেন্দ্ৰীয় চৰকাৰৰ নতুন নাগৰিক আইন আৰু নাগৰিকপঞ্জী আৰম্ভ কৰাৰ নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে চন্দ্ৰুয়ে৷ সৰ্বভাৰতীয় আইনজীৱী ইউনিয়নৰ ১৩ সংখ্যক বৈঠকত ভাষণ আগবঢ়োৱাৰ পাছত সংবাদ মাধ্যমৰ আগত ন্যায়াধীশজনে কয়, দেশজুৰি বিক্ষোভ এখন টি টুয়েণ্টি মেচত পৰিণত হৈছে৷
এহাতে মোডী-শ্বাহ যুটী আৰু আনফালে সমগ্ৰ দেশ৷ বিজেপি আৰু আৰ এছ এছে সমগ্ৰ দেশক ধৰ্মৰ ভিত্তি ভাগ ভাগ কৰিছে৷ দেশত এটাও ডিটেনশ্বন কেম্প নাই বুলি প্ৰধানমন্ত্ৰীয়ে কৈছে৷ অথচ অসমতে আছে সাতখন ফুটবল খেলৰ পথাৰৰ দৰে কি তৈয়াৰ হৈছে৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশত বিক্ষোভ হৈছে৷ চাপত পৰি আন্দোলনকাৰীক প্ৰশাসনে আটক কৰিছে৷ লেখক, শিল্পী, অভিনেতা-অভিনেত্ৰী, শিক্ষাবিদ, ইতিহাসবিদ সকলোৱে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মুখ খুলিছে৷











