অৱশেষত বহু প্ৰতীক্ষিত আলফা-চৰকাৰৰ শান্তিচুক্তি (ULFA-government peace deal) স্বাক্ষৰৰ তাৰিখ চূড়ান্ত (Date of signature finalized) হ’ল। অহা ২৯ ডিচেম্বৰ (29th December)ত আলফা আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত হ’ব শান্তি চুক্তি ৷ নতুন দিল্লীৰ নৰ্থ ব্লকত এই চুক্তি স্বাক্ষৰিত হ’ব৷
সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই৷ চুক্তিৰ খচৰা চূড়ান্ত হোৱাৰ পিছত ২৯ ডিচেম্বৰত কেন্দ্ৰৰ গৃহ মন্ত্ৰণালয়, অসম চৰকাৰৰ গৃহ বিভাগ আৰু আলফাৰ শীৰ্ষ নেতৃত্বৰ মাজত এই ত্ৰিপাক্ষিক চুক্তিখন স্বাক্ষৰিত হ’ব৷
আনহাতে, জানিব পৰা মতে, ২৯ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’বলগীয়া শান্তিচুক্তি স্বাক্ষৰ অনুষ্ঠানত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু শীৰ্ষ বিষয়া উপস্থিত থাকিব। গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই শান্তিচুক্তি স্বাক্ষৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থকাৰ কথা৷