কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) দ্বিতীয় পৰ্যায়ৰ ‘ভাৰত জোড়ো যাত্ৰা’ কাৰ্যসূচী অহা বছৰ পূবৰ পৰা পশ্চিমলৈ হ’ব। মঙলবাৰে কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, জানুৱাৰী মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত উত্তৰ-পূব ভাৰতৰ পৰা এই যাত্ৰা আৰম্ভ হ’ব।
কংগ্ৰেছৰ সূত্ৰ অনুসৰি, ৰাহুলৰ দ্বিতীয় ‘ভাৰত জোড়ো যাত্ৰা ২.০’ সম্পূৰ্ণৰূপে খোজকাঢ়ি নহ’ব। কোনোবাই খোজকাঢ়িব, কোনোবাই গাড়ীৰে যাত্ৰা কৰিব। সৰু-বৰ ৰাজহুৱা সভা অনুষ্ঠিত হ’ব। উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যই পাব বিশেষ গুৰুত্ব। দ্বিতীয় ৰাউণ্ডৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ পূৰ্বে অৱশ্যে মহাৰাষ্ট্ৰত কংগ্ৰেছে এক বৃহৎ ৰাজনৈতিক কাৰ্যসূচী অনুষ্ঠিত কৰিছে।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয় থকা নগৰ নাগপুৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘হে তৈয়াৰ হম’ (আমি সাজু) শীৰ্ষক কাৰ্যসূচী।
অহা ২৮ ডিচেম্বৰত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস। কংগ্ৰেছে সেইদিনা নাগপুৰত ৰাজহুৱা সভা অনুষ্ঠিত কৰিবলৈ ওলাইছে। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল, ছোনিয়া আৰু প্ৰিয়ংকাৰ সৈতে নাগপুৰত অনুষ্ঠিত হ’বলগীয়া জনসভাত উপস্থিত থাকিব গান্ধী পৰিয়ালৰ তিনিওজন সদস্য।
নাগপুৰত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাত কংগ্ৰেছৰ সকলো সদস্য, মুখ্যমন্ত্ৰী, পৰিষদ দলৰ নেতাসকলেও অংশগ্ৰহণ কৰিব। মঙলবাৰে সভাখন আয়োজন কৰাৰ বাবে কংগ্ৰেছে ৯ জনীয়া প্ৰস্তুতি সমিতি ঘোষণা কৰিছে। দলীয় সূত্ৰৰ মতে, ৰাহুলে উক্ত জনসভাৰ পৰাই কেন্দ্ৰৰ ক্ষমতাৰ পৰা বিজেপিক অপসাৰণৰ আহ্বান জনাব বিচাৰিছে।
উল্লেখযোগ্য যে ১৯২০ চনত কংগ্ৰেছৰ নাগপুৰ অধিবেশনৰ পৰাই স্বাধীনতা আন্দোলনত কংগ্ৰেছৰ মূল মুখ হিচাপে মহাত্মা গান্ধীয়ে আত্মপ্ৰকাশ কৰিছিল। গতিকে কংগ্ৰেছৰ বাবে নাগপুৰৰ বিশেষ গুৰুত্ব আছে।