উত্তৰাখণ্ডক বিবাহ অনুষ্ঠানৰ গন্তব্যস্থান কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Narendra Modi) প্ৰস্তাৱ দিছে। শুকুৰবাৰে ডেৰাডুনত অনুষ্ঠিত উত্তৰাখণ্ড বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰে মোডীয়ে। তাত থকা বিনিয়োগকাৰীসকলক তেওঁৰ পৰামৰ্শ, অন্তত এখন ‘ডেষ্টিনেচন ৱেদিং’ ৰাজ্যখনত কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে ব্যৱসায়িক নেতাসকলক এই সন্দৰ্ভত আগবাঢ়ি আহিবলৈও আহ্বান জনায়। সন্মিলনত তেওঁ কয়, “যদি এবছৰত ৫ হাজাৰ বিবাহ হয়, তেন্তে উত্তৰাখণ্ডৰ আন্তঃগাঁথনি নিজেই উন্নত হ’ব।”
তেওঁৰ মতে দেশৰ ধনী মানুহে বিবাহ অনুষ্ঠানৰ বাবে বহিঃৰাষ্ট্ৰৰ যিকোনো ঠাই বাছি লোৱা দেখা যায়। এই ক্ষেত্ৰত তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।
ইয়াৰ পূৰ্বেও মোডীয়ে ‘মন কি বাত’ অনুষ্ঠানৰ সময়ত যুৱক-যুৱতীসকলক দেশৰ মাটিত বিবাহপাশত আবদ্ধ হʼবলৈ পৰামৰ্শ দিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে বহিঃৰাষ্ট্ৰত ‘ডেষ্টিনেচন ৱেদিং’ মানে দেশৰ ধন বাহিৰলৈ যোৱা। তাক ৰোধ কৰিবলৈ ভাৰতৰ ভিতৰতে এই বিবাহ অনুষ্ঠান উদযাপন কৰা হওক।
তেওঁ কয়, “ভাৰতত এইবাৰ ‘ৱেদিং ইণ্ডিয়া’ৰ ধুমুহা উঠক। আজিকালি কিছুমান পৰিয়ালৰ মাজত বাহিৰত বিয়া পাতিবলৈ যোৱাৰ নতুন প্ৰথা দেখা গৈছে। এয়া বৰ প্ৰয়োজনীয় নে? আমি যদি নিজৰ দেশতে এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰো তেন্তে দেশতো ব্যৱস্থাটোৰ উন্নতি অব্যাহত থাকিব।”