সমগ্র ৰাজ্যৰ লগত সংগতি ৰাখি আজি কাৰ্বি আংলং জিলাৰ অন্তৰ্গত হাওৰাঘাট আৰু ডিফু নির্বাচনী জিলাৰ বাবে বিশেষ সংক্ষিপ্ত সংশোধনী ফ’টোযুক্ত ভোটাৰ তালিকা প্রকাশ কৰা হয়(Voters Draft Rolls Publication )। আজি ডিফুস্থিত কার্বি আংলং জিলা প্রশাসনৰ কাৰ্যালয়ৰ সম্মিলন কক্ষত এক সংবাদমেলৰ আয়োজন কৰি এই কথা সদৰি কৰে জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া মধুমিতা ভাগৱতীয়ে।
নির্বাচনী বিষয়া গৰাকীয়ে সদৰি কৰা অনুসৰি হাওৰাঘাট আৰু ডিফু নির্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা ৫,৫৩,১৬৫গৰাকী। হাওৰাঘাট সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৫৭,৫৪৫ গৰাকী, ডিফু সমষ্টিত ২,৪০,৯৪৪গৰাকী আৰু বোকাজানত ১,৫৪,৬৭৬ গৰাকী ভোটাৰ। মুঠ ভোটাৰৰ বৃদ্ধিৰ সংখ্যা ৫০,০৫১ গৰাকী। ভোটাৰৰ বৃদ্ধিৰ হাৰ প্রায় ১০ শতাংশ। সমষ্টি পুনঃনির্ধাৰণ প্রক্রিয়াৰ পিছত পূব কার্বি আংলং জিলাত ৬৫১টা ভোট কেন্দ্র হৈছে।
ইয়াবে বোকাজানত ২০৩টা, হাওৰাঘাটত ২২২টা আৰু ডিফুত ২২৬টা। মুঠ ১৩টা ভোট কেন্দ্র বৃদ্ধি পাইছে। আনহাতে, সমষ্টি পুনব নির্ধাৰণ প্রক্রিয়াৰ বাবে বোকাজান সমষ্টিক ১০৮, হাওবাঘাট ১০৯ আৰু ডিফুক ১১০ নম্বৰ সমষ্টিৰে নামাকৰণ কৰা হৈছে। ডিফু লোকসভা সমষ্টিটোক ৬ নম্বৰ ডিফু অনুসূচীত জাতি লোকসভা সমষ্টি হিচাপে নামাকৰণ কৰা হৈছে।
৮ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীলৈকে ওজৰ-আপত্তিসমূহ গ্রহণ কৰা হ’ব বুলি জানিব পৰা গৈছে। ওজৰ-আপত্তিসমূহ বিএলঅ’ চুপাৰ ভাইজাৰ আৰু এইআৰঅ’ৰ জৰিয়তে কৰিব পাৰিব। নতুন ভোটাৰৰ নাম ভৰ্তিৰ বাবে ৬ নম্বৰ প্ৰপত্র, ৭ নম্বৰ প্রপত্র, নাম কর্তনৰ বাবে, ৬ (খ) প্রপত্র ভোটাৰ পৰিচয় পত্র প্রমাণিকৰণ, ৮ নম্বৰ প্রপত্র, শুধবণি, ভোটাৰ পৰিচয় পত্র হেৰুৱা আৰু স্থানান্তৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।
ইয়াৰোপৰি ভোটাৰ অনলাইন এপ https:// voters.eci.in/portal or Eronet in officeৰ যোগেদি প্ৰপত্ৰ পূৰণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে। আনহাতে, তৃতীয় লিংগ ভোটাৰৰ সংখ্যা ১৯ গৰাকী বিশেষ সংক্ষিপ্ত সংশোধনী তালিকাত অন্তর্ভুক্ত হৈছে বুলি সংবাদমেলখনত সদৰি কৰা হয়। ইয়াৰোপৰি জিলাখনত যদি যৌন কর্মী আছে তেওঁলোকৰো ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ আহ্বান জনাইছে নির্বাচনী বিষয়াগৰাকী।
আজিৰ সংবাদমেলৰ পূর্বে জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলব প্রতিনিধি সকলৰ সৈতে আজি প্রকাশ পোৱা বিশেষ সংক্ষিপ্ত সংশোধনী ফ’টোযুক্ত ভোটাৰ তালিকা সন্দর্ভত এক বৈঠকত মিলিত হয় নির্বাচনী বিষয়াগৰাকী। সংবাদমেলখনত জিলা নির্বাচনী বিষয়া মধুমিতা ভাগবতী, নির্বাচনী বিষয়া ব্রুহিদ ৰাভা আৰু অতিৰিক্ত উপায়ুক্ত ডেভিদ কুমাৰ বৰা উপস্থিত থাকে