নিউজ ডেস্ক
নাগৰিকত্ব আইনৰ বিৰুদ্ধে ছাত্ৰ আন্দোলনলৈ চিঠি প্ৰেৰণ কৰিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মানছেষ্টাৰ বিশ্ববিদ্যালয়ৰ ১৩৬ জন ছাত্ৰ, শিক্ষক, কৰ্মী আৰু প্ৰাক্তন ছাত্ৰই৷ চিঠিত নাগৰিকত্ব আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ‘অবিচাৰ’ দিশটো লক্ষ্য কৰি লিখিছে, ভাৰতত গণতান্ত্ৰিক আৰু ধৰ্ম নিৰপেক্ষ দিশটোত আজি বিপদমুখী৷
অক্সফ’ৰ্ড আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে চিঠিৰে ভাৰতৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে৷ এম আই টিৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে প্ৰেৰণ কৰা চিঠিত দিল্লীৰ জামা মছজিদ, জামিয়া মিলিয়া ইছলামিয়া, উত্তৰ প্ৰদেশৰ আলিগড় বিশ্ববিদ্যালয়ৰ চৌহদসহ মাংগালোৰ আদিত বিক্ষোভ দমন আৰু মৃত্যুৰ গৰিহণা দিছে৷
যি প্ৰতিবাদত নামিছে তেওঁৰ প্ৰতি সহমৰ্মিতা৷ চিঠি উল্লেখ কৰিছে এন আৰ চিৰ সৈতে নাগৰিকত্ব আইনৰ অবিচাৰ যুক্ত হৈয়ে ভাৰতীয় জাতি আৰু নাগৰিকত্বৰ সংজ্ঞাক চীৰ জীৱনলৈ সলনি কৰি দিব৷ দেশ আৰু সংবিধানৰ নিৰ্দেশক নীতি যে বহুত্ব আৰু বৈচিত্ৰ্য, তাক দুৰলৈ ঠেলি দিয়া হৈছে৷ অথচ এই দেশ এই বহুত্ব আৰু বৈচিত্ৰ্যৰ ভাৰসাম্য ধৰি ৰাখি তাক ৭০ বছৰ ধৰি উদযাপন কৰি আহিছে৷ এই ছাত্ৰসকলে নাগৰিকত্ব আইন আৰু এন আৰ চি প্ৰত্যাহাৰৰ দাবীত পথত নামি প্ৰতিবাদ কৰিছে৷












