‘ধনৰ বিনিময়ত প্ৰশ্ন’ গোচৰত লোকসভাৰ (Lok Sabha) সদস্য হিচাপে অযোগ্য ঘোষণা কৰা হ’ল সাংসদ মহুৱা মৈত্ৰক। নৈতিকতা সমিতিৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত তৃণমূল, কংগ্ৰেছ আদি বিৰোধী দলসমূহে প্ৰতিবেদনখন পঢ়িবলৈ কিছু সময় বিচাৰিছিল। কিন্তু অধ্যক্ষই তাৰ বাবে সময় নিদিলে। আনকি মহুৱাক কোনো কথা ক’বলৈও অনুমতি দিয়া নহ’ল।
আলোচনাৰ অন্তত ভোটদানত তেওঁৰ সাংসদ পদ নাকচ কৰা হয়। ইফালে বহিষ্কাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে মহুৱাই। নৈতিকতা সমিতিয়ে উপযুক্ত পৰীক্ষণ অবিহনে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি শাস্তি নিশ্চিত কৰা বুলিও কয়। ধন লোৱা বা উপহাৰ লোৱাৰ কোনো প্ৰমাণ নাই বুলি তেওঁৰ দাবী। তেওঁ কয়, “মোডী চৰকাৰে মোক চূপ কৰিবলৈ চেষ্টা কৰিছে। মহিলা সাংসদক হাৰাশাস্তি কৰা হৈছে। আগন্তুক ছমাহতো হাৰাশাস্তি কৰা হ’ব।”