ASSAM TIMES POST
নিউজ ডেস্ক
ভাৰতৰ অস্বস্তি বঢ়াই ম্যানমাৰৰ সৈতে ৰে’ল সংযোগ কৰিবলৈ লৈছে চীনে৷ এই সমগ্ৰ প্ৰকল্পটোত চোকা নজৰ দিছে ছাউথ ব্লকে৷ অৱশ্যে কোনো পক্ষই এই পৰ্যন্ত মুখ খোলা নাই৷ বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে পৰৱৰ্তী সময়ত এই প্ৰকল্পৰ ৰূপৰেখা চাবলৈ ম্যানমাৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত বিষয়টো তোলা হ’ব৷
ছাউথ ব্লকৰ সূত্ৰ মতে চীনৰ কুনমিঙৰ পৰা ম্যানমাৰৰ দুটি বন্দৰ ৰে’ল সংযোগ কৰা হ’ব৷ এই ৰে’ল সংযোগ ৰাখাইন প্ৰদেশৰ চিতোই বন্দৰৰ কাষেৰে যাব৷ বংগোপসাগৰৰ ওপৰত ২০১৬ চনত ভাৰতে এই বন্দৰটো নিৰ্মাণ কৰি দিছিল৷ এই এলেকাত এটা কৌশলগত ঘাটি তৈয়াৰ কৰা আৰু নৰেন্দ্ৰ মোডী চৰকাৰৰ এক্ট ইষ্ট নীতি তীব্ৰ কৰাৰ বাবেই এই বন্দৰ নিৰ্মাণ কৰা হৈছিল৷ কূটনৈতিক সূত্ৰ মতে চীন-ম্যানমাৰ অৰ্থনৈতিক কৰিডৰৰ অংগ হিচাপে চীনৰ ৰে’ল বিভাগে এই এলেকাত সমীক্ষা কৰাৰ কাম আৰম্ভ কৰিছে৷
বৈদেশিক মন্ত্ৰালয়ৰ আশংকা, এই প্ৰকল্পৰ মাজেৰে ৰাখাইন প্ৰদেশৰ পৰা ভাৰতৰ পৰিকাঠামোৰ ওপৰত নজৰ ৰখাই নহয়, ভৱিষ্যতে ম্যানমাৰৰ আন বন্দৰবোৰ দখল কৰিবলৈ চাইছে চীনে৷ ছিটই বন্দৰ নিৰ্মাণৰ ফলত ভাৰতৰ সৈতে সংযোগ কৰাত দক্ষিণ পূব এছিয়াৰ দেশবোৰৰ সুবিধা হৈছে৷ ছিটইৰ সৈতে মাল্টি ম’ডেল ট্ৰেন্সপৰ্টৰ মাজেৰে মিজোৰামক যুক্ত কৰা হৈছে৷ ভাৰতৰ সৈতে থাইলেণ্ডৰ এটা পথ যোগাযোগ প্ৰকল্প ম্যানমাৰৰ ওপৰেৰে আৰম্ভ হৈছে৷ ২০২০ চনত এই প্ৰকল্প আৰম্ভ হোৱাৰ কথা৷ এই সমগ্ৰ বিষয়টো বেইজিঙে নজৰ কৰিছে বুলি নতুন দিল্লীৰ কূটনীতিবিদসকলে দাবী কৰে৷












