ৰূপহীহাটত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Rupohihat Encounter)। নিশা ৰূপহীহাট আৰক্ষীয়ে উত্তৰ খাটোৱালৰ পৰা কৰায়ত্ব কৰা উমৰ ফাৰুকৰ সৈতে সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা।
গ্ৰেপ্তাৰ হোৱাৰ পৰৱৰ্তী সময়ত কলিয়াবৰ মহকুমা আৰক্ষীয়ে মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ লৈ গৈছিল কুখ্যাত অপৰাধী উমৰক। কিন্তু সেই সময়ত নিজৰ তাত থকা এটা পিষ্টলেৰে আৰক্ষীক গুলিয়াব লৈ পলায়ন কৰোঁতে আৰক্ষীয়ে গুলি কৰে।
অপৰাধীৰ দুয়োখন ভৰি গুলীবিদ্ধ হয়। উমৰক নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।