অৱশেষত ১৭ দিনীয়া অপেক্ষাৰ অন্ত পৰিল। উত্তৰাখণ্ডৰ উত্তৰকাশীত সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক মঙলবাৰে নিশা এজন এজনকৈ উদ্ধাৰ কৰে(Uttarkashi Tunnel Rescue)ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ জোৱানে।ঝাৰখণ্ডৰ বিজয় হোৰোৱে প্ৰথমে ৭.৫২ বজাত সুৰংগটোৰ পৰা ওলাই আহে। ইয়াৰ পিছত বাকীকেইজন এজন এজনকৈ ওলাই আহে। নিশা ৮.৩৮ বজাত সমাপ্ত হয় ‘অপাৰেচন জিন্দেগী’।
নিগনিৰ দৰে গাঁত খান্দি সুৰংগটোৰ পৰা শ্ৰমিকসকলক উলিয়াই অনাৰ পৰিকল্পনা কৰা হৈছিল। ইয়াৰ উপৰি সুৰংগটোৰ উলম্ব খননৰ কামো কৰা হয়। মঙলবাৰে পুৱালৈকে ৮৬ মিটাৰৰ ভিতৰত ৪২ মিটাৰ ভাঙি গৈছিল।বিভিন্ন খনিৰ পৰা কেঁচামাল উলিয়াবলৈ ‘নিগনিৰ গাঁত’ বা ‘ৰেট হোল মাইনিং’ পদ্ধতি ব্যৱহাৰ কৰা হয়। কয়লা খনিসমূহত এই প্ৰক্ৰিয়াটো বিশেষভাৱে পৰিচিত।
ইফালে মঙলবাৰে নিশা সফল উদ্ধাৰৰ পিছত মোডীয়ে নিজৰ এক্স পোষ্টত লিখিছে, “উত্তৰকাশীত আমাৰ শ্ৰমিক ভাইসকলৰ উদ্ধাৰ অভিযানৰ সফলতাই সকলোকে আপ্লুত কৰি তুলিছে। অতি আনন্দৰে আমাৰ এই বন্ধুসকলে বহু অপেক্ষাৰ অন্তত এতিয়া নিজৰ আপোনজনক লগ পাব পাৰিছে। এই প্ৰতিকূল সময়ত এই সকলো পৰিয়ালে দেখুওৱা ধৈৰ্য আৰু সাহসক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।”
আনহাতে, উদ্ধাৰ কামৰ লগত জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে মোডীয়ে। তেওঁ লিখিছে, “এই উদ্ধাৰ অভিযানৰ লগত জড়িত সকলোকে প্ৰণাম জনাইছো।” কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এক্স হেণ্ডেলত পোষ্ট দি উদ্ধাৰ কৰা শ্ৰমিকসকলৰ মনোবলক প্ৰশংসা কৰে। লগতে উদ্ধাৰকাৰীসকলকো প্ৰশংসা কৰে।