বিশ্বকাপ (Cricket World Cup)ৰ অন্ত পৰিল যদিও মহম্মদ ছামী (Mohammed Shami) যেন এতিয়াও জ্বলি আছে। অৱশ্যে সেয়া খেলপথাৰত নহয়, বাহিৰত।
বিশ্বকাপত ভাৰতীয় পেচাৰগৰাকীৰ সফলতাৰ পিছত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ হাছান ৰাজাই (Former Pakistan cricketer Hasan Raja) মন্তব্য কৰে, “ভাৰতক বেলেগ বল দিয়া হৈছে।” কিংবদন্তি ৱাছিম আক্ৰমে (Wasim Akram) এটা টিভি শ্ব’ (TV Show)ত কথাটো বুজাই দিয়াৰ পিছতো হাছান ৰৈ নাথাকিল। মহম্মদ ছামীয়ে এক সাক্ষাৎকাৰত ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁ কয়, “বিশ্বকাপৰ প্ৰথম চাৰিখন মেচত মই খেলা নাছিলো। কিন্তু খেলিবলৈ আৰম্ভ কৰাৰ পিছত প্ৰথমখন মেচত পাঁচটা উইকেট পাইছিলোঁ। পৰৱৰ্তী মেচত চাৰিটা উইকেট। তৃতীয় মেচত পুনৰ ৫টা উইকেট। এই বলিং দেখি পাকিস্তানৰ এজনে মন্তব্য কৰিলে, আমাক বেলেগ বল দিয়া হৈছে। টিভি শ্ব’টোত ৱাছিম (আক্ৰম) ভায়ে বুজাই দিয়ে যে দুয়োটা দলৰ বলাৰসকলে একেটা বাকচৰ পৰাই বল লৈছে। ইয়াৰ পিছতো ব্যক্তিজনে কঠোৰ মন্তব্য কৰা বন্ধ কৰা নাছিল।” তেওঁ লগতে কয়, “মই ভাবো তেওঁলোকে মানি ল’ব নোৱাৰে যে তেওঁলোকৰ তুলনাত কোনোবাই ভাল কাম কৰিব পাৰে। তেওঁলোকে আমাৰ সফলতা সহ্য নকৰে। তেওঁ এজন সাধাৰণ মানুহ হ’লে কথা নাছিল। কিন্তু তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটো খেলিছিল। তাৰ পিছতো এনে মন্তব্য কৰিলে সকলোৱে হাঁহিব।”
উল্লেখযোগ্য যে সদ্য সমাপ্ত বিশ্বকাপৰ সৰ্বোচ্চ উইকেটৰ গৰাকী হৈছে ছামী। তেওঁ ২৪টা উইকেট দখল কৰে। ভাৰতৰ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট দখলকাৰীও তেওঁ। কিন্তু মাইলৰ খুঁটিৰ কথা তেওঁ কেতিয়াও নাভাবে। তেওঁৰ দৰে এগৰাকী টিমমেন বিৰল। বিশ্বকাপৰ প্ৰথম চাৰিখন মেচত সুযোগ নোপোৱাৰ বাবে কোনো আক্ষেপ নাই। মেচৰ পূৰ্বে ছামীয়ে কেতিয়াও পিটচ নাচায়। কাৰণ তেওঁ বলিং নকৰিলে বুজি নাপায় যে পিটচখন কেনেকুৱা।
একেৰাহে চাৰিখন মেচত দলৰ বাহিৰত থকাৰ পিছত কেনেকৈ ঘূৰি আহিল? ছামীৰ উত্তৰ, “প্ৰথম অৱস্থাত কোৱা হৈছিল যে মই প্ৰতিখন মেচ খেলিম। কিন্তু দুখন মেচ পাৰ হ’ল, তিনিখন মেচ পাৰ হ’ল, চাৰিখন মেচৰ পাছতো মই সুযোগ পোৱা নাছিলোঁ৷ যিকোনো ব্যক্তিয়ে চাৰিখন মেচত দলৰ বাহিৰত থাকিলে নিৰাশ হʼব পাৰে। কিন্তু নিৰাশ হ’লে ঘূৰি আহিবলৈ শক্তি নাথাকিব। মানসিকভাৱে শক্তিশালী হ’ব লাগিব। মই তেনেকৈয়ে চেষ্টা কৰিলোঁ। যেতিয়া দলটোৱে ভাল খেলি আছিল, তেতিয়া মই ভাল খেলিবলৈ প্ৰেৰণা পাইছিলোঁ। সকলোৱে ভাল খেলা দেখিলে আচৰিত ধৰণে সন্তুষ্টি হয়।”