দেওবাৰে সামৰণি পৰে ক্ৰিকেট বিশ্বকাপ (Cricket World Cup)। ফাইনেলত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মুখামুখি হয়। খেল উপভোগ কৰিবলৈ গেলেৰীত উপস্থিত থাকে প্ৰায় সমগ্ৰ বলীউড। সপৰিয়ালে শ্বাহৰুখ খানো উপস্থিত থাকে। দীপিকা পাডুকন আৰু ৰণবীৰ সিং টীম ইণ্ডিয়াৰ হৈ উল্লাস কৰিবলৈ উপস্থিত আছিল। তাৰোপৰি অনুষ্কা শৰ্মা, অথিয়া শেট্টীও আছিল। বিশ্বকাপ, ২০২৩ৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতৰ হৃদয়বিদাৰক পৰাজয়ে সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছে।
অৱশ্যে বলীউডে দলটোৰ কাষত (Bollywood is on team India’s side) থিয় দিছে। তেওঁলোকে টুইটাৰযোগে সঁহাৰি জনায়।সমগ্ৰ জাতিটোক গৌৰৱান্বিত কৰাৰ বাবে বলীউডৰ ‘কিং খান’ (King Khan)-এ টিম ইণ্ডিয়াক ধন্যবাদ জ্ঞাপন (Thanks to Team India) কৰে। তেওঁ লিখিছে, “এই প্ৰতিযোগিতাখনৰ সমগ্ৰ সময়ছোৱাত ভাৰতীয় দলটোৱে যি ধৰণে খেলিছে সেয়া সন্মানৰ বিষয়। তেওঁলোকে তীব্ৰ মনোভাব আৰু দৃঢ়তা দেখুৱাইছে। খেলত জয়-পৰাজয় থাকেই। দুৰ্ভাগ্যজনকভাৱে আজি এনেকুৱা হ’ল। ধন্যবাদ টিম ইণ্ডিয়া। প্ৰাউড এজ এ নেচন।”

‘আন্ধাধুন’ৰ অভিনেতা আয়ুষ্মান খুৰানাই ষ্টেডিয়ামত খেল চাবলৈ উপস্থিত হয়। লগতে তেওঁ কেইবাখনো ছবি আৰু ভিডিঅ’ পোষ্ট কৰি কেপচন দিছে, “এই কঠিন যুঁজৰ বাবে আপোনালোক স্মৰণীয় হৈ থাকিব।” মেচৰ পিছত কাজল আৰু কৰীনাই টিম ইণ্ডিয়াৰ হৈ উল্লাস কৰে।
“হাৰকে জিতনে ৱালো কো বাজিগৰ কেহতে হে”- তেওঁ ‘বাজিগৰ’ চিনেমাৰ এই সংলাপটোৰে টিম ইণ্ডিয়াৰ কাষত থিয় দিছে। ‘মৰম আৰু সন্মান’ কৰীনা কাপুৰ খানে কয়। কঠিন যুঁজত তেওঁ টিম ইণ্ডিয়াৰ কেতিয়াও হাৰ নমনা মনোভাবৰ প্ৰশংসা কৰে। অভিষেক বচ্চনে টুইটাৰত লিখিছে, “এটা সাহসী প্ৰয়াস। প্ৰশংসনীয় পাৰ্ফমেন্স। টিম ইণ্ডিয়া, মূৰ উঠাই ৰাখিব। এই যাত্ৰাৰ বাবে ধন্যবাদ আপোনালোকক।”