দেওবাৰে অন্ত পৰে ২০২৩ বৰ্ষৰ বিশ্বকাপ ক্ৰিকেট। ভাৰতক পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ ট্ৰফী অৰ্জন কৰে অষ্ট্ৰেলিয়াই। এই প্ৰতিযোগিতাখনৰ অন্ত পৰাৰ পিছতে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে এইবাৰৰ বিশ্বকাপৰ ‘টীম অব দ্য টুৰ্ণামেণ্ট’ (Team of the Tournament) ঘোষণা কৰে। দলটোত স্থান লাভ কৰিছে ভাৰতৰ ছয়গৰাকী খেলুৱৈয়ে (Six Indian players)। আনহাতে, এই দলটোৰ নেতৃত্ব অৰ্পণ কৰা হৈছে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাৰ ওপৰত। দলটোত স্থানলাভ কৰিছে বিৰাট কোহলী, মহম্মদ ছামীকে ধৰি ছয়জন ভাৰতীয় খেলুৱৈয়ে।
উল্লেখ্য যে প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ লগতে টুৰ্ণামেণ্টখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিছে বিৰাট কোহলীয়ে। আনহাতে, সৰ্বাধিক উইকেট দখলকাৰী হৈছে মহম্মদ ছামী ।
আনহাতে, ৫০ অভাৰৰ ফৰ্মেটত একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ দলত স্থানলাভ কৰা ৰোহিত শৰ্মাই ভাৰতৰ হৈ শীৰ্ষক্ৰমত গুৰুত্বপূৰ্ণ ভূৰ্ণ ভূমিকা পালন কৰে। সদ্যসমাপ্ত বিশ্বকাপৰ শ্ৰেষ্ঠ দলটোত স্থানলাভ কৰা আন খেলুৱৈসকলৰ ভিতৰত আছে অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল আৰু লেগ স্পিনাৰ এডাম জাম্পা ।
আইচিচি বিশ্বকাপ ২০২৩ৰ শ্ৰেষ্ঠ দলটো : কুইণ্টন ডিকক (উইকেটৰক্ষক), ৰোহিত শৰ্মা (ৰ্মা অধিনায়ক), বিৰাট কোহলী, ডেৰিল মিচেল, কেএল ৰাহুল, গ্লেন মেক্সৱেল, যশপ্ৰীত বুমৰাহ, দিলশান মাদুশংকা, এডাম জাম্পা, ৰবীন্দ্ৰ জাদেজা, মহম্মদ শ্বামী।