২০২৩ চনৰ এদিনীয়া বিশ্বকাপ শেষ হোৱাৰ লগে লগে অন্ত পৰিল ৰাহুল দ্ৰাবিড়ৰ দায়িত্বও (Rahul Dravid’s responsibility)। কিন্তু ভৱিষ্যতে তেওঁক ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে দেখা যাবনে? অৱশ্যে ব’ৰ্ডে (BCCI) এতিয়াও ইয়াৰ উত্তৰ দিয়া নাই। ২০২১ চনত দ্ৰাবিড়ৰ সৈতে দুবছৰৰ চুক্তি স্বাক্ষৰিত হয়। সেই সময়সীমা শেষ হয় দেওবাৰে ভাৰতৰ বিশ্বকাপৰ অভিযানৰ অন্ত পৰাৰ লগে লগে।
এই বিশ্বকাপত ভাৰতে একেৰাহে ১০খন খেলত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। প্ৰতিটো দলৰ বিৰুদ্ধে ৰোহিত শৰ্মাই যিদৰে শক্তি দেখুৱাইছিল, ফাইনেলতো তেওঁলোকে ক্ষমতা দেখুৱাব বুলি ধাৰণা হৈছিল। কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬ উইকেটত পৰাস্ত হ’বলগীয়া হয় ভাৰত। সমগ্ৰ বিশ্বকাপত ভাল খেলা দলটোৱে ফাইনেল মেচত জয়ী হ’ব নোৱাৰিলে। দ্ৰাবিড়ৰ প্ৰশিক্ষকতাত (Dravid’s coach) ভাৰতে বহুদলীয় প্ৰতিযোগিতা এছিয়া কাপহে লাভ কৰিছিল।
অহা বছৰ টি-২০ বিশ্বকাপ। দ্ৰাবিড়ক তাত দেখা পোৱা যাবনে? সূত্ৰ অনুসৰি, দ্ৰাবিড়ৰ সৈতে ব’ৰ্ডৰ তৰফৰ পৰা এতিয়াও যোগাযোগ কৰা হোৱা নাই। ২৩ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিব ভাৰতে। ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও এই শৃংখলা খেলিব। দেশখনত ভাৰতে তিনিওটা ফৰ্মেটতে ক্ৰিকেট খেলিব। ভিভিএছ লক্ষ্মণক তাত প্ৰশিক্ষক হিচাপে দেখা পোৱাৰ সম্ভাৱনা আছে। লক্ষ্মণ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী। যেতিয়া দ্ৰাবিড়ক জিৰণি দিয়া হয়, তেতিয়া দায়িত্ব তেওঁৰ ওপৰত থাকে।
আনহাতে, ভাৰতীয় দলৰ প্ৰশিক্ষক হৈ থাকিবনে নাই সেয়া এতিয়াও সিদ্ধান্ত লোৱা নাই স্বয়ং দ্ৰাবিড়েও। ফাইনেলৰ পিছত অনুষ্ঠিত সংবাদমেলত তেওঁ কয়, “মোৰ সকলো গুৰুত্ব এই প্ৰতিযোগিতাখনৰ ওপৰত আছিল। শেষ হ’ল মাত্ৰ৷ মই মাত্ৰ খেলপথাৰৰ পৰা আহিছোহে। ভাবিবলৈ সময় পোৱা নাই। ২০২৭ চন এতিয়াও বহু দূৰত। তাৰ আগতে বহু ঘটনা ঘটি যাব। ভৱিষ্যতে কি কৰিম নাজানো।”