ASSAM TIMES POST
নিউজ ডেস্ক
পিঁয়াজৰ দাম পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ জানিব পৰা মতে তুৰস্কৰ পৰা ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত হৈছে৷ নাছিকৰ পিঁয়াজ পাইকাৰী বজাৰৰ একাংশ এজেণ্টৰ মতে তুৰস্কতো পিঁয়াজৰ দাম বৃদ্ধি পাইছে৷
এই দাম নিয়ন্ত্ৰণ কৰিবলৈ বিদেশলৈ পিঁয়াজ ৰপ্তানি নিষেধাজ্ঞা জাৰি কৰিছে ইস্তানবুলে৷ তুৰস্কৰ এই সিদ্ধান্তৰ ফলত ভাৰতত পিঁয়াজৰ দাম বৃদ্ধি পোৱাৰ ইংগিত পাইছে নাছিকৰ পিঁয়াজ পাইকাৰী বজাৰে৷ প্ৰাপ্ত তথ্য মতে পিঁয়াজৰ দাম ১০ ৰ পৰা ১৫ শতাংশ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷