বিশ্বকাপ জয়ৰ (Winning the World Cup) পিছত বিশ্বকাপৰ ট্ৰফীৰ মৰ্যাদা (World Cup trophy status) পাহৰি গ’ল মিচেল মাৰ্ছে (Mitchell Marsh)! যিটো ট্ৰফী এবাৰ হাতত তুলি লʼবৰ বাবে খেলুৱৈসকলে গোটেই জীৱন অপেক্ষা কৰি থাকে, তেওঁ সেই ট্ৰফীৰ ওপৰত দুয়োখন ভৰি তুলি ফটো (Photo with both legs on top of the trophy) এখন তুলিলে। আনকি দলৰ অধিনায়ক পেট কামিন্সেও সেইটো দেখুৱাই দিয়ে। এই ঘটনাৰ পিছতে আৰম্ভ হৈছে সমালোচনা। মাৰ্ছৰ উল্লাসৰ শৈলী কোনেও সহজভাৱে লোৱা নাই। তেওঁৰ এই উদ্ধতালিক লৈ সৰৱ হৈ পৰিছে একাংশ।
বিশ্বকাপ জয় কৰাৰ পিছত কামিন্সে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত দলটোৰ বিজয় উদযাপনৰ কেইবাখনো ছবি পোষ্ট কৰে। তাত এখন ছবিত মাৰ্ছক ট্ৰফীত দুভৰি তুলি লৈ হাঁহি হাঁহি বহি থকা দেখা গৈছে, তাকো বেপৰোৱা ভঙ্গীত। হাতত পানীয়ৰ বটল। যেন কৈছে, কেনেকুৱা দিলোঁ! এই ছবিখনৰ পৰাই আৰম্ভ হৈছে সমালোচনা।
সাধাৰণতে বিশ্বকাপ জয় কৰাৰ পিছত খেলুৱৈয়ে ট্ৰফীত চুমা খাই থকা দেখা যায়। যি খেলেই নহওক কিয়, ট্ৰফীৰ আবেগ বেলেগ, মৰ্যাদা বেলেগ। ২০২২ চনৰ বিশ্বকাপ জয় কৰাৰ পাছত লিঅ’নেল মেছিয়ে বুকুত ট্ৰফী লৈ শুইছিল। নিজৰ পৰা আঁতৰ কৰিব বিচৰা নাছিল। মাৰ্ছে সেই ট্ৰফীটোৰ ওপৰত ভৰি থৈ দেখুৱাব বিচাৰিছে নেকি যে বিশ্বকাপ জয় কৰাটো সহজ কথা হৈ পৰিছে। গতিকে কোনো পৃথক আৱেগে তেওঁৰ বাবে কাম নকৰে। মাৰ্ছৰ এই কাণ্ডৰ পিছত ছ’চিয়েল মিডিয়াত আৰম্ভ হয় তেওঁৰ সমালোচনা।
মাৰ্ছৰ এই আচৰণ বা কথা-বতৰা নতুন নহয়। বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে তেওঁ ভৱিষ্যদ্বাণী কৰিছিল। ফাইনেলত ভাৰতক পিহি দিব বুলিও কয়। তেওঁলোকে ভাৰতক পৰাস্ত কৰিছে। কিন্তু এনে শব্দৰ অৰ্থ অতিমাত্ৰা আত্মবিশ্বাস! দলৰ বাকীসকলতকৈ মাৰ্ছ বেলেগ! য’ত কামিন্স, লাবুচেন, স্মিথে বিশ্বকাপ জয় কৰাৰ পিছত আৱেগত ভাহি আছে, কিন্তু সেই সময়ত মাৰ্ছ আছে আন এখন জগতত।