ভাৰত অভিমুখী এখন মালবাহী জাহাজ লোহিত সাগৰত অপহৰণ (Ship Hijack) কৰা হৈছে। দেওবাৰে ইজৰাইলে কৰা এই দাবীক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। আনহাতে, এই ঘটনাৰ বাবে ইজৰাইলে দোষী সাব্যস্ত কৰিছে য়েমেনৰ সশস্ত্র সংগঠন হুথিক।
![Ship hijacked I লোহিত সাগৰত ভাৰত অভিমুখী জাহাজ অপহৰণ, দায়িত্ব স্বীকাৰ হুথি সন্ত্ৰাসবাদীৰ 3 জাহাজ অপহৰণ](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2023/11/IMG_20231120_114902.jpg?resize=1539%2C1026&ssl=1)
অৱশ্যে কেৱল হুথিয়ে নহয়, ইয়াৰ আঁৰত ইৰাণৰো হাত থকা বুলি দাবী টেল আভিভৰ। ইজৰাইলৰ দাবী অনুসৰি, ব্রিটেইন এটি কোম্পানীৰ মালিকানাধীন জাহাজখন জাপানৰ এটি কোম্পানীয়ে নিয়ন্ত্ৰণ কৰে। ‘গুৰুত্বপূর্ণ’ সামগ্রী লৈ জাহাজখন ভাৰতৰ দিশে আহি আছিল বুলি জনোৱা হৈছে। জাহাজখনত ২৫ জন কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে। তেওঁলোক ইউক্রেইন, বেলাৰুচ, মেক্সিকোসহ বিভিন্ন দেশৰ নাগৰিক বুলি জানিব পৰা গৈছে।
আনহাতে, অভিযোগৰ পিছতে মুখ খুলিছে হুথিয়ে। জাহাজ অপহৰণ কৰাৰ কথা স্বীকাৰ কৰি তেওঁলোকে জনাইছে যে এখন ইজৰাইলৰ মালবাহী জাহাজ দক্ষিণ লোহিত সাগৰত ‘বাজেয়াপ্ত’ কৰা হৈছে।
কিন্তু ইজৰাইলৰ ওলোটা দাবী যে জাহাজখন তেওঁলোকৰ নহয়। ইয়াৰ উপৰি জাহাজখনত ইজৰাইলৰ কোনো নাগৰিক নাছিল বুলিও জনাইছে। ইফালে হুথিৰ এজন মুখপাত্রই জনাইছে যে জাহাজত থকা ২৫ জন কৰ্মচাৰীকে ইছলামিক নীতি আৰু আদর্শ অনুযায়ী তেওঁলোকৰ জিম্মাত ৰখা হ’ব। আনহাতে, এক সূত্র মতে, হেলিকপ্টাৰৰ জৰিয়তে জাহাজখনক অপহৰণ কৰিছে হুথিয়ে।