চলিত বিশ্বকাপত (World Cup Cricket) মহম্মদ ছামী (Mohammed Shami)য়ে এতিয়ালৈকে ছয়খন মেচ খেলিছে। এই ছয়খন মেচত ২৩ টা উইকেট দখল কৰিছে তেওঁ। আনহাতে, তিনিবাৰ পাঁচটা বা তাতকৈ অধিক উইকেট দখল কৰিছে। তেওঁৰ এই ফৰ্ম বিপক্ষৰ বেটছমেনসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। কিন্তু হাৰ্দিক পাণ্ডিয়াই আঘাত নোপোৱা হ’লে এনে এজন পেচাৰে এই বিশ্বকাপ খেলিব নোৱাৰিলেহেঁতেন। এই মন্তব্য ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰৰ।
উল্লেখযোগ্য যে বাংলাদেশৰ বিৰুদ্ধে মেচত আঘাত পোৱা হাৰ্দিকে পিছত সমগ্ৰ বিশ্বকাপৰ পৰা বাদ পৰে। তাৰ পিছতে ছামীয়ে প্ৰথম এঘাৰত স্থান লাভ কৰে। প্ৰথমখন মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে ৫টা উইকেট দখল কৰি নিজৰ স্থান দখল কৰে বংগৰ পেচাৰগৰাকীয়ে। ইয়াৰ পিছৰখিনি এতিয়া ইতিহাস। কিন্তু ৰাথোৰে কয়, “আমি যি পৰিকল্পনা কৰি দল সাজিছিলো তাত ছামীৰ কোনো স্থান নাছিল। তেওঁক দলত স্থান দিয়াটো বৰ কঠিন আছিল। সেই সুযোগটো তেতিয়াই আহে যেতিয়া হাৰ্দিক আঘাতপ্ৰাপ্ত হয়।”
চলিত বিশ্বকাপত কেৱল নেদাৰলেণ্ডৰ বিৰুদ্ধে ছামীয়ে উইকেট লাভ কৰা নাই। তাৰ পূৰ্বে তেওঁ চাৰিখন মেচ খেলা নাছিল। এনে পৰিস্থিতিতো তেওঁ সৰ্বাধিক উইকেট (Most wickets) দখলকাৰীৰ তালিকাৰ শীৰ্ষত আছে। দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়াৰ এডাম জাম্পাই ১০খন মেচত ২২টা উইকেট দখল কৰিছে। কিন্তু ছামীয়ে মাত্ৰ ছখন মেচ খেলিছে। ৰাথোৰে কয়, “ছামী এজন অতি বিশেষ বলাৰ। তেওঁ খুব ভালকৈ বলিং কৰে। ইয়াৰ বাবে দল পৰিচালনাকো কৃতিত্ব দিব লাগিব। নিয়মীয়াকৈ নেখেলিলেও তেওঁলোকে ছামীক সাজু কৰি ৰাখিছিল। তেওঁলোকে মানসিকভাৱে ছামীক প্ৰস্তুত কৰিলে। এতিয়াও আমাৰ দলৰ শ্ৰেষ্ঠ স্পিনাৰ (ৰবিচন্দ্ৰন অশ্বিন) প্ৰথম একাদশৰ বাহিৰত আছে।”