ASSAM TIMES POST
কাৰবি আংলং : অসম মাষ্টার্ছ গেমছ সন্থাৰ উদ্যোগত আৰু পশ্চিম কাৰবি আংলং মাষ্টার্ছ গেমছ সন্থাৰ ব্যৱস্থাপনাত অহা ২৭ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ পশ্চিম কাৰবি আংলঙৰ ডঙ্কামোকামত প্রথম অসম মাষ্টার্ছ গেমছ প্ৰতিযোগিতা অনুষ্ঠিত হব।
এই ক্রীড়া প্রতিযোগিতাত ডিব্ৰুগড়, লক্ষীমপুৰ, শিৱসাগৰ, যোৰহাট, নগাঁও, কামৰূপ, কামৰূপ (মেট্র), নলবাৰী, উদালগুৰি, শিলচৰ, হাইলাকান্দি, কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং জিলা দলে অংশ গ্ৰহণৰ নিশ্চিতি প্ৰদান কৰিছে বুলি অসম মাষ্টার্ছ গেমছ সন্থাৰ সভাপতি তথা কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সাধাৰণ সম্পাদক ধনছিং ৰংপিয়ে জানিবলৈ দিয়ে।
ফুটবল, ভলীবল, বাস্কেটবল, টেবুল টেনিছ, বেডমিন্টন, এথলেটিকছ আদি কৰি প্ৰায় দহটা ইভেন্টছত প্ৰতিযোগীতাসমূহ অনুষ্ঠিত হব। ২৮ ডিচেম্বৰৰ পূৱা ৯.০০ বজাৰ পৰা অনুষ্ঠিতব্য উদ্বোধনী অনুষ্ঠানত সর্ব ভাৰতীয় মাষ্টার্ছ গেমছ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক বিনোদ কুমাৰে মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰিব।