ভাৰতত চলি আছে ক্ৰিকেট বিশ্বকাপ (World Cup Cricket)। ইতিমধ্যে লীগ পর্যায়ৰ মেচসমূহৰ অন্ত পৰিছে। অহা বুধবাৰে প্ৰথম ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত। ইফালে এইবাৰৰ বিশ্বকাপত শোচনীয়ভাৱে ব্যৰ্থ হৈছে এছিয়াৰ তিনিটা দল। সেইকেইটা হৈছে শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তান। আনহাতে, তিনিওটা দলৰে আভ্যন্তৰীণ সংঘাত তীব্ৰ হৈ পৰিছে।
ভাৰতৰ বিৰুদ্ধে শোচনীয় প্ৰদৰ্শন আৰু সামগ্ৰিকভাৱে টুৰ্ণামেণ্টখনত ব্যৰ্থ হোৱাৰ বাবে শ্ৰীলংকা ক্ৰিকেট বোর্ড ভংগ (Sri Lanka Cricket Board breached) কৰিছে শ্ৰীলংকাৰ ক্ৰীড়ামন্ত্ৰীয়ে। আনহাতে, আইচিচিৰ পৰা বহিষ্কাৰ হৈছে শ্ৰীলংকান ক্ৰিকেট (Sri Lankan cricket expelled from ICC) তাৰ মাজতে শ্ৰীলংকাৰ বিশ্বকাপ বিজয়ী অধিনায়ক অৰ্জুন ৰাণাতুঙ্গাই (Arjun Ranatunga) ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ (বিচিচিআই) সচিব জয় শ্বাহৰ বিৰুদ্ধে এক ডাঙৰ অভিযোগ উত্থাপন (Allegations levelled against Secretary Jay Shah) কৰিছে। তেওঁ অভিযোগ কৰে যে জয় শ্বাহৰ নিৰ্দেশতেই শ্ৰীলংকা ক্ৰিকেট বোৰ্ডত ইমান দুৰ্নীতি হৈছে। যাৰ ফলত দেশৰ ক্ৰিকেট ধ্বংস হৈ গৈছে।
শ্ৰীলংকাৰ এখন বাতৰি কাকতক দিয়া সাক্ষাৎকাৰত ৰাণাতুঙ্গাই কয়, “জয় শ্বাহৰ শ্ৰীলংকা ক্ৰিকেট বোৰ্ডৰ বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক আছে। সেইকাৰণে বিষয়াসকলে অনুভৱ কৰে যে তেওঁলোকে যি বিচাৰে সেয়া কৰিব পাৰে। দৰাচলতে, জয়ে শ্ৰীলংকা ক্ৰিকেট চলাই আছে। তেওঁৰ নিৰ্দেশত সকলো চলি আছে। ভাৰতৰ এজন মানুহৰ হেঁচাত শ্ৰীলংকা ক্ৰিকেট লাহে লাহে ধ্বংস হৈ আহিছে।”
ৰাণাতুঙ্গাৰ মতে, জয় শ্বাহে তেওঁৰ পিতৃ অমিত শ্বাহৰ ক্ষমতা ব্যৱহাৰ কৰিছে। অন্যথা, তেওঁৰ নিজৰ কোনো ক্ষমতা নাই। শ্ৰীলংকাৰ ১৯৯৬ চনৰ বিশ্বকাপ বিজয়ী অধিনায়কজনে লগতে কয়, “কেৱল পিতৃৰ বাবেই জয় শ্বাহৰ ইমান ক্ষমতা। তেওঁৰ পিতৃ ভাৰতৰ গৃহমন্ত্ৰী। অন্যথা, তেওঁৰ কোনো ক্ষমতা নাই।”
উল্লেখযোগ্য যে বিশ্বকাপত বিপৰ্যয় আৰু ভাৰতৰ হাতত লজ্জাজনক পৰাজয়ৰ বাবে শ্ৰীলংকাৰ ক্ৰিকেট বোৰ্ড ভংগ কৰিছিল দেশখনৰ চৰকাৰে। বিশ্বকাপৰ প্ৰাক্তন অধিনায়ক ৰাণাতুঙ্গাৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন সমিতি গঠন কৰা হয়। উক্ত সমিতিখনক ক্ৰিকেট বোৰ্ডৰ কাম-কাজ পৰিচালনা কৰাৰ দায়িত্ব দিয়া হৈছে। ইফালে বৰ্খাস্ত হোৱা শ্ৰীলংকান ক্ৰিকেটৰ সভাপতি শাম্মী চিলভাই চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতত আবেদন কৰে। শ্ৰীলংকাৰ উচ্চতম ন্যায়ালয়ে চৰকাৰৰ আদেশ দুসপ্তাহৰ বাবে নিষিদ্ধ কৰিছে।
এই অস্থিৰতাৰ মাজতে ক্ৰিকেট বোৰ্ডৰ পৰিচালনাত চৰকাৰৰ হস্তক্ষেপৰ বাবে আইচিচিয়ে দেশখনক নিলম্বন কৰে। শুকুৰবাৰে এটা বিবৃতিত এই শাস্তি ঘোষণা কৰা হয়। ইয়াৰ ফলত আগন্তুক সময়ত শ্ৰীলংকাই কোনো আইচিচি প্ৰতিযোগিতাত খেলিব নোৱাৰিব। কিন্তু তেওঁলোকে অহা বছৰ জানুৱাৰী-ফেব্ৰুৱাৰীত অনুৰ্ধ-১৯ বিশ্বকাপ আয়োজন কৰিব। এনে পৰিস্থিতিত শ্ৰীলংকাৰ ক্ৰীড়া মন্ত্ৰালয়ে আইচিচিয়ে দিয়া শাস্তিৰ মোকাবিলা কৰিব বিচাৰে।
এই সন্দৰ্ভত আইচিচি ২১ নৱেম্বৰত পুনৰ মিলিত হ’ব। শ্ৰীলংকাই বিষয়টো চোৱা-চিতা কৰাৰ আৰু সেইদিনা পৰৱৰ্তী পদক্ষেপ লোৱাৰ কথা আছে। শ্ৰীলংকায়ো প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লৈছে। ক্ৰীড়া মন্ত্ৰী ৰোশন ৰণসিংহেয়ে শনিবাৰে কয়, “এয়া কোনো পদ্ধতি নহয়। যেতিয়া আইচিচি বা আন কোনো সংস্থাই নিষেধাজ্ঞা প্ৰয়োগ কৰে, ইয়াৰ এক দীঘলীয়া প্ৰক্ৰিয়া থাকে। এনেদৰে শাস্তি পোৱাটো বহুত আশ্চৰ্যজনক।
এইটো নীতিগতভাৱে শুদ্ধ নহয়। তেওঁলোকে আৰু কেনেকৈ আমাৰ দেশক অপমান কৰিব পাৰে?” তেওঁ আইচিচিক শাস্তি উঠাই ল’বলৈ আবেদন কৰাৰ কথাও জনায়। যদি সেইটোৱে কাম নকৰে, তেওঁলোকে পৰৱৰ্তী পদক্ষেপৰ কথা বিবেচনা কৰিব বুলি প্ৰকাশ কৰিছে।