চলিত বিশ্বকাপ ক্ৰিকেটত (World Cup Cricket) বাংলাদেশ আৰু শ্ৰীলংকাৰ (Bangladesh and Sri Lanka) মাজত অনুষ্ঠিত আজিৰ লীগ মেচত এক বিতৰ্কৰ সৃষ্টি (Creating controversy) হয়। শ্ৰীলংকাৰ বেটছমেন এঞ্জেলো মেথিউজে (Batsman Angelo Mathews) খেলপথাৰত প্ৰৱেশ কৰাৰ পিছত কোনো বল নেখেলাকৈয়ে পেভিলিয়নলৈ উভতি যাবলগীয়া হয়। আম্পায়াৰে চাকিব আল হাছানৰ অনুৰোধত তেওঁক আউট ঘোষণা কৰে।
নিৰ্ধাৰিত সময়তকৈ পলমকৈ তেওঁ খেলপথাৰত ষ্ট্ৰাইকলৈ অহাৰ বাবে এটাও বল নেখেলাকৈয়ে উভতিবলগীয়া হয়।এই ঘটনা সংঘটিত হৈছে শ্ৰীলংকাৰ ইনিংছৰ ২৫ অভাৰত। ছাদিৰা সমৰবিক্ৰম আউট হোৱাৰ পিছত মেথিউজ ক্ৰিজলৈ সোমাই আহে। কিন্তু ছাকিবৰ দলে ষ্ট্ৰাইক লোৱাৰ পূৰ্বে ফিল্ড আম্পায়াৰৰ ওচৰত আবেদন জনায় যে তেওঁ ক্ৰিজত উপস্থিত হোৱাৰ বাবে থকা নিৰ্দিষ্ট সময় পাৰ হৈ গৈছে। মেথিউজে সময় মতে ষ্ট্ৰাইক লোৱা নাছিল বুলি দাবী কৰা হয়।
বাংলাদেশৰ আবেদনৰ পিছতে মেথিউজ, চাকিব আৰু আম্পায়াৰৰ মাজত বহু সময় আলোচনা হয়। ইয়াৰ পিছতে আম্পায়াৰে মেথিউজক জনায় যে তেওঁ ক্ৰিকেটৰ নিয়ম অনুসৰি আউট হৈছে। সেইবাবেই মেথিউজে খেলপথাৰ এৰিবলগীয়া হয়। কিন্তু উভতি যোৱাৰ সময়ত তেওঁক প্ৰত্যক্ষ কৰি বুজিব পৰা গৈছিল যে তেওঁ এই সিদ্ধান্ত মানি ল’ব পৰা নাছিল। আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমবাৰৰ বাবে এই ঘটনা সংঘটিত হয়।