![]()
মণিপুৰত মোবাইল ইণ্টাৰনেট সেৱা (Manipur Banned Internet) নিষিদ্ধ কৰাৰ সময়সীমা ৮ নভেম্বৰ পর্যন্ত বৃদ্ধি কৰিছে প্ৰশাসনে। বুধবাৰে মণিপুৰ ৰাইফলছৰ এটি শিবিৰত আক্ৰমণ কৰি অস্ত্র লুট কৰিছিল জনতাই। তাৰ পিছতেই এই সিদ্ধান্ত লয় চৰকাৰে।

প্রশাসনৰ তৰফৰ পৰা জনোৱা মতে, সামাজিক মাধ্যমত ঘৃণামূলক ভাষণ, ছবি ভাইৰেলৰ চেষ্টা কৰিব পাৰে সমাজবিৰোধীয়ে। প্রৰোচিত কৰিব পাৰে সাধাৰণ মানুহক। যাৰ ফলত আইন-শৃঙ্খলা প্রভাবিত হ’ব পাৰে। সেই কাৰণেই মোবাইল ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই নির্দেশনা জাৰি কৰিছে ৰাজ্যখনৰ গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে।













