![]()
বিশ্বকাপত (ODI World Cup Cricket) ফৰ্মৰ তুংগত আছে ভাৰত। ক্ৰমাগত ৭ খন মেচত জয়লাভ ভাৰতৰ। বেটে-বলে উজ্জীৱিত প্ৰদৰ্শন ভাৰতীয় বেটাৰ তথা বলাৰৰ। লীগৰ সপ্তম মেচত শ্রীলঙ্কাক ৩০২ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত (India beat Sri Lanka by a huge margin of 302 runs) কৰে ৰোহিত শর্মা বাহিনীয়ে। ভাৰতৰ বেটিং আৰু বলিঙৰ দপদপনিত তিষ্ঠিব নোৱাৰিলে শ্রীলঙ্কা। এই জয়ৰ পিছত তালিকাত পুনৰ শীর্ষস্থান দখল ভাৰতৰ। ২০১১ চনৰ বিশ্বকাপ ফাইনেলত এই ষ্টেডিয়ামতে শ্রীলঙ্কাক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হৈছিল মহেন্দ্র সিং ধোনিৰ নেতৃত্বত ভাৰত।

মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত টছত জয়ী হৈ ভাৰতক প্রথমে বেট কৰাৰ আমন্ত্রণ জনায় শ্ৰীলংকাই। অৱশ্যে ৰোহিত শর্মা (৪) আজি সফল হ’ব নোৱাৰিলে। কিন্তু বিৰাট কোহলি (৮৮), শুভমন গিল (৯২) আৰু শ্ৰেয়াছ আয়াৰৰ (৮২) ভাৰতে নিৰ্ধাৰিত অভাৰত ৩৫৭ ৰান সংগ্ৰহ কৰে।
ইয়াৰ পিছতে ভাৰতৰ বলাৰসকলে লংকা বাহিনীৰ ওপৰত নিৰ্মম আঘাত হানে। এটা সময়ত ১৪ ৰানতে ৬ টা উইকেট হেৰুৱায় শ্ৰীলংকাই! যশপ্রীত বুমৰাহ, মহম্মদ চিৰাজ আৰু মহম্মদ ছামিৰ যুটীয়া আক্ৰমণত দিশহাৰা হৈ পৰে শ্ৰীলংকাৰ বেটছমেন। ছামীয়ে পাঁচটা, চিৰাজে চাৰিটা, বুমৰাহে এটা আৰু জাদেজাই এটাকৈ উইকেট দখল কৰে। ১৯.৪ অভাৰতে শ্ৰীলংকাৰ ইনিংছ ৫৫ ৰানত অন্ত পৰে।












