![]()
দেশৰ পাঁচ ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ ভিতৰত মিজোৰামো (Mizoram Election) আছে। ইতিমধ্যে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ তুংগত (Election campaign is in full swing) উঠিছে। বিজেপি-কংগ্ৰেছ উভয়ে ৰাজ্যখনত তীব্ৰ গতিত প্ৰচাৰ চলাই (BJP-Congress campaign at a brisk pace) আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মিজোৰামত প্ৰচাৰ চলাই ইমান বছৰৰ অনুন্নয়নৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰে। আনহাতে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে এক ভিডিঅ’ বাৰ্তাত মিজো চুক্তিত কংগ্ৰেছ আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ভূমিকা আৰু গান্ধী পৰিয়ালৰ সৈতে মিজোৰামৰ সম্পৰ্কৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে। লগতে মিজোসকলক বিজেপিৰ ফেচিবাদ আৰু একনায়কত্ববাদৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ আহ্বান জনায়।

ছোনিয়াই কয়, “বিজেপিৰ বিভাজনমূলক নীতিৰ বাবে চুবুৰীয়া মণিপুৰ আজি ধ্বংস হৈ গৈছে। আনকি ছয় মাহৰ পাছতো প্ৰধানমন্ত্ৰী এঘণ্টাৰ বাবেও ৰাজ্যখনলৈ যোৱা নাই। যদি মিজোৰামত বিজেপিৰ প্ৰক্সি দল এমএনএফ আৰু জেডপিএমক ভোট দিয়া হয়, বিজেপি-আৰএছএছে অৱশেষত মিজোৰাম শাসন কৰিব।” তেওঁ কয়, “মোৰ হৃদয়ত মিজোৰামৰ এক বিশেষ স্থান আছে। মিজো চুক্তিৰ পিছত মই ইয়ালৈ বহুবাৰ আহিছোঁ, ইয়াৰ সৌন্দৰ্য, সংস্কৃতি আৰু মানুহৰ মৰমে মোক আকৰ্ষিত কৰে।
কিন্তু বিজেপি-আৰএছএছে মিজোৰামৰ সংস্কৃতি, ভাষা আৰু পৰম্পৰা মচি পেলাব বিচাৰে আৰু সমগ্ৰ দেশতে একেই সংস্কৃতি জাপি দিব বিচাৰে। গণতন্ত্ৰ তেওঁলোকৰ হাতত বিপন্ন। তেওঁলোকে সংসদত আইন প্ৰণয়ন কৰিবলৈ বাধ্য কৰি আছে যিয়ে জনজাতীয় লোকসকলৰ ভূমি অধিকাৰ কাঢ়ি নিব।” তেওঁৰ দাবী, “বুৰঞ্জীয়ে প্ৰমাণ কৰে যে কেৱল কংগ্ৰেছেহে মিজোৰামত উন্নয়ন আনিব পাৰে। সেয়েহে মই ৰাজ্যখনৰ জনসাধাৰণক, বিশেষকৈ যুৱ আৰু মহিলাসকলক, আন কোনো পক্ষক পৰীক্ষামূলক সুযোগ দি ৰাজ্যখন ধ্বংস নকৰি শান্তি, প্ৰগতি আৰু সংবিধানৰ অনুচ্ছেদ ৩৭১জিৰ সুৰক্ষা বজাই ৰাখিবলৈ কংগ্ৰেছক বিশ্বাস কৰিবলৈ অনুৰোধ জনাইছো।”













