![]()
এদিনীয়া বিশ্বকাপ (ODI Cricket World Cup-2023)ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকা আৰু পাকিস্তান (South Africa Vs Pakistan)ৰ মাজত অনুষ্ঠিত মেচখনত এটা নিয়ম প্ৰৱৰ্তন হয়। এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ মেচত কনকাচন বিকল্প (Concussion Options) হিচাপে ব্যৱহাৰ কৰা হয়। পাকিস্তানৰ হৈ ফিল্ডিং কৰি থকাৰ সময়তে মূৰত আঘাত পাইছিল ছাদাব খানে। তেওঁৰ ঠাইত ফিল্ডলৈ আহে ওছামা মিৰ। নিয়ম অনুসৰি তেওঁ ছাদাবৰ গোটেই অভাৰটো বল কৰিব পাৰে।
চেন্নাইত প্ৰথমে বেটিং কৰি পাকিস্তানে ২৭০ ৰান সংগ্ৰহ কৰে। প্ৰথম অভাৰৰ দ্বিতীয় বলত দক্ষিণ আফ্ৰিকাই ৰান কৰাৰ সময়ত সংঘটিত হয় এই ঘটনা। টেম্বা বাভুমাই ইফতিখাৰ আহমেদৰ বলত ৰাণ ল’বলৈ দৌৰি যায়। মাজৰ পৰা ছাদাব দৌৰি আহে। বলটো তুলি লৈ বলাৰৰ ফালে দলিয়াই দিয়ে। কিন্তু শৰীৰৰ নিয়ন্ত্ৰণ ৰাখিব নোৱাৰি মাটিত পৰি যায়। ফলত মূৰত আঘাত পায়।কিছু সময় ছাদাবে উঠিব পৰা নাছিল।

কেইবা মিনিট ধৰি খেলপথাৰতে চিকিৎসা কৰা হয়। ইয়াৰ পিছত তেওঁ খেলপথাৰৰ পৰা ওলাই যায়। কিছু সময়ৰ পাছত তেওঁ পুনৰ ফিল্ডলৈ আহে। কিন্তু তেতিয়াও তেওঁ বলিং কৰা নাছিল। কিন্তু বুজিব পাৰিলে যে এনেকৈ খেলিব নোৱাৰিব। তেওঁ বৰ অস্বস্তিত থকা যেন লাগিল। ফলত ১৫ নং অভাৰত কনকাচন ৰিপ্লেচমেণ্ট (Concussion Replacement) হিচাপে ছাদাবৰ ঠাইত মিৰে খেলপথাৰত প্ৰৱেশ কৰে।
কনকাচন পৰিবৰ্তৰ ক্ষেত্ৰত আইচিচিৰ নিয়ম অনুসৰি সলনি কৰা খেলুৱৈজন নতুন খেলুৱৈৰ সৈতে একে হʼব (Player will be the same as the new player) লাগিব। অৰ্থাৎ বেটছমেনক বেটছমেনেৰে সলনি কৰিব লাগিব, বলাৰক বলাৰেৰে সলনি কৰিব লাগিব। তেনেকৈয়ে মিৰক ছাদাবৰ ঠাইত দিয়া হয়।
উল্লেখযোগ্য যে বেট হাতত লৈ ছাদাবে ভাল খেল প্ৰদৰ্শন কৰে। গুৰুত্বপূৰ্ণ সময়ত ৩৬টা বলত ৪৬ ৰান সংগ্ৰহ কৰে।












