![]()
বাংলাদেশৰ বিৰুদ্ধে মেচত গোৰোহাত আঘাত পাইছিল হাৰ্দিক পাণ্ডিয়াই (Hardik Pandya)। তাৰ পিছত পুনেৰ পৰা তেওঁক বেংগালুৰুৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। ভাৰতীয় দলৰ উপ-অধিনায়কজনে যাৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচখনত উপলব্ধ নহ’ল। কিন্তু অহা দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ খেলিব পাৰিবনে (Can Pandya play against England?)?
ভাৰতীয় ক্ৰিকেট বোৰ্ডে হাৰ্দিকৰ আঘাতৰ পৰিস্থিতি সন্দৰ্ভত অৱশ্যে কোনো নতুন কথা প্ৰকাশ কৰা নাই। আঘাতৰ পিছদিনা ঘোষণা কৰা হৈছিল যে তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব নোৱাৰিব। পোনপটীয়াকৈ তেওঁ লক্ষ্ণৌ দলত যোগদান কৰিব। বিচিচিআয়ে হাৰ্দিকৰ বিকল্প খেলুৱৈ হিচাপে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদলৈও আবেদন কৰা নাছিল। অনুমান কৰা হৈছে যে হাৰ্দিকৰ আঘাত গুৰুতৰ নহয়।

যদিও বিচিচিআয়ে এই বিষয়ে বিশেষ একো কোৱা নাই, তথাপিও সূত্ৰই জনোৱা মতে হাৰ্দিকে খেলপথাৰত অৱতীৰ্ণ হʼবলৈ সাজু। অহা দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম একাদশলৈ উভতি আহিব পাৰে তেওঁ। বিচিচিআইৰ এজন বিষয়াই কয়, “তেওঁৰ ভৰিখন মোচোকা খাইছিল। ইয়াতকৈ বেছি একো নহয়। চিন্তাৰ একো কাৰণ নাই। লক্ষ্ণৌত খেলিবলৈ তেওঁৰ কোনো সমস্যা নহʼব।”
উল্লেখযোগ্য যে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম একাদশত ৰোহিত শৰ্মাই দুটা পৰিৱৰ্তন কৰিবলগা হৈছিল। কাৰণ হাৰ্দিকে খেলিব পৰা নাছিল। বাদ পৰে শাৰদুল ঠাকুৰ। সূৰ্যকুমাৰ যাদৱ আৰু মহম্মদ ছামী দললৈ আহে। সূৰ্যকুমাৰ সফল হ’ব নোৱাৰিলেও ছামীয়ে ৫টা উইকেট দখল কৰে। স্বাভাৱিকতে তেওঁক বাদ দিয়াটো কঠিন হʼব পাৰে। কিন্তু ইংলেণ্ডৰ মেচত যদি হাৰ্দিকে খেলে তেন্তে নিশ্চিতভাৱে ৰোহিতে পুনৰ চিন্তা কৰিব লাগিব।












