![]()
হাৰ্দিক পাণ্ডিয়াক বাংগালুৰুলৈ প্ৰেৰণ (Hardik Pandya sent to Bengaluru) কৰা হৈছে। তাত তেওঁৰ চিকিৎসা চলিব। যাৰ বাবে দেওবাৰে ধৰ্মশালাত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব নোৱাৰিব ভাৰতীয় অলৰাউণ্ডাৰগৰাকীয়ে (not be able to play against New Zealand)। ইংলেণ্ডৰ এগৰাকী বিশেষজ্ঞ চিকিৎসকে শুকুৰবাৰে বেংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীত পাণ্ডিয়াক পৰীক্ষা কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, ইনজেকচনৰ মাধ্যমেৰে পাণ্ডিয়াৰ বিষ কমোৱাৰ প্ৰয়াস কৰা হʼব। সূত্ৰ অনুসৰি, লক্ষ্ণৌ মেচৰ পূৰ্বে তেওঁ দলত যোগদান কৰিব। বিচিচিআইৰ এজন বিষয়াই কয়, “পাণ্ডিয়াক বাংগালুৰুলৈ প্ৰেৰণ কৰা হৈছে।

এনচিএৰ বিশেষজ্ঞ চিকিৎসা দলে পাণ্ডিয়াক পৰীক্ষা কৰিব। স্কেন ৰিপ’ৰ্ট চাই অনুমান কৰা হৈছে যে বেজী লোৱাৰ পিছত পাণ্ডিয়া সুস্থ হʼব। ইংলেণ্ডৰ এজন বিশেষজ্ঞ চিকিৎসকৰ সৈতেও বোৰ্ডে আলোচনা কৰে। তেওঁৰ মতামতো একেই। নিউজিলেণ্ডৰ মেচখনত হাৰ্দিকে খেলিব নোৱাৰিব। উল্লেখযোগ্য যে বৃহস্পতিবাৰে বাংলাদেশৰ বিৰুদ্ধে নৱম অভাৰত বলিং কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হয় হাৰ্দিক (Hardik was injured)। ভৰিৰে বলটো ৰখাবলৈ চেষ্টা কৰাৰ সময়তে পৰি যায় হাৰ্দিক। তেওঁৰ গোটেই শৰীৰৰ ওজন ভৰিৰ ওপৰত পৰে। তাৰ বাবেই ভাৰতীয় অলৰাউণ্ডাৰগৰাকী আঘাতপ্ৰাপ্ত হয়। তেওঁক স্কেনৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পাছত অৱশ্যে তেওঁ খেলপথাৰলৈ উভতি আহে। অৱশ্যে স্কেন ৰিপ’ৰ্টত কোনো গুৰুতৰ কথা পোৱা নগʼল। মেচৰ পাছত ৰোহিতেও কয়, “গুৰুতৰ একো হোৱা নাই ,পৰিস্থিতি বুজি সিদ্ধান্ত লোৱা হʼব।”












