![]()
পুনৰ বিতৰ্কত ক্রিষ্টিয়ানো ৰোনাল্ডো (Cristiano Ronaldo in controversy)। ৰাজহুৱা স্থানত এগৰাকী মহিলাক চুম্বন (Kissing a woman in public) কৰাৰ বাবে তেওঁক ৯৯ বাৰ বেতেৰে কোবাইছিল বুলি খবৰ ওলাইছে। ইৰাণত সংঘটিত হৈছে এই ঘটনা (incident took place in Iran)। ইৰাণ চৰকাৰে ৰোনাল্ডোৰ শাস্তি সন্দৰ্ভত মন্তব্য কৰে।
বিগত মাহত সংঘটিত হৈছিল এই ঘটনা। ছৌদি আৰবৰ ক্লাব আল নাছেৰৰ হৈ ইৰাণৰ ক্লাব পাৰ্চেপলিছৰ বিৰুদ্ধে এছিয়ান চেম্পিয়নছ লীগৰ এখন খেল খেলিবলৈ গৈছিল ৰোনাল্ডো। সেই সময়ত ফাতিমা হামামী নামৰ এগৰাকী চিত্ৰশিল্পীয়ে ৰোনাল্ডোক লগ কৰিবলৈ গৈছিল। তেওঁ বিশেষভাৱে সক্ষম। হাতৰ সলনি ভৰিৰ সহায়ত ছবি আঁকে। তেওঁ ৰোনাল্ডোক দুখন ছবি উপহাৰ দিয়ে। তাৰ পিছত ৰোনাল্ডোৱে তেওঁৰ কপালত চুমা খায়।

এই ঘটনাক লৈ ইৰাণত আৰম্ভ হয় বিতৰ্ক। দেশখনৰ আইন অনুসৰি এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক থকা পুৰুষে আন এগৰাকী মহিলাৰ শৰীৰ স্পৰ্শ কৰাটো অপৰাধ। ৰোনাল্ডোৱে ঠিক তেনেকুৱাই কৰিলে। কাৰণ জৰ্জিনা ৰড্ৰিগেজৰ সৈতে ৰোনাল্ডোৰ সম্পৰ্ক বহুদিনৰ পৰা। তেওঁলোকৰ সন্তানো আছে। গতিকে ৰোনাল্ডোৱে ফাতিমাক চুমা খাই অপৰাধ সংঘটিত কৰিলে। ইৰাণৰ আইন অনুসৰি, তেওঁক ৯৯ বাৰ বেতেৰে কোবাই শাস্তি দিয়া হয়।
অৱশ্যে এই শাস্তিৰ খবৰ ইৰাণ চৰকাৰে খাৰিজ কৰিছে। এক বিবৃতিত কয়, “ইৰাণত এজন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক শাস্তি দিয়াৰ খবৰ মিছা। এনে খবৰে মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে এই খবৰ বিয়পোৱা উচিত নহয়।” বিবৃতিটোত লগতে কোৱা হৈছে, “সকলোৱে তেওঁক ইয়াত আদৰি লৈছে। তাতেই তেওঁ চিনাকি চিত্ৰশিল্পী ফাতিমাক লগ পায়। ইয়াত কোনো দোষ নাই।”












