![]()
মহাৰাষ্ট্ৰৰ পুনেৰ (Pune in Maharashtra) সানন্দ ছচাইটিৰ গোবিন্দ গৌৰৱ এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাত অৱস্থিত ‘ব্লেডছ অব গ্ল’ৰী ক্ৰিকেট মিউজিয়াম’ (Blades of Glory Cricket Museum)।বিশ্ব ক্ৰিকেটৰ ৭৫ হাজাৰ ক্ৰিকেট সামগ্ৰীৰ সংগ্ৰহ থকা এই সংগ্ৰহালয়টো বিশ্বৰ সৰ্ববৃহৎ ব্যক্তিগত ক্ৰিকেট সংগ্ৰহালয় (world’s largest private cricket museum)। পুনেৰ বাসিন্দা ৰোহন পাটে সংগ্ৰহালয়টোৰ মালিক।
ৰোহন হৈছে ক্ৰিকেট অনুৰাগী। তেওঁ পুনেৰ দলৰ এজন প্ৰাক্তন ক্ৰিকেটাৰো।অৱশ্যে ক্ৰিকেটাৰ হিচাপে তেওঁৰ কেৰিয়াৰ বহু দূৰলৈ যোৱা নাছিল আৰু তেওঁ ১৯৯৯ চনৰ পৰা ক্ৰিকেটৰ সৈতে আন কিবা এটা কৰাৰ সপোন দেখিছিল। সেই লক্ষ্যৰ পৰাই তেওঁ ক্ৰিকেটৰ স্মাৰক সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে।

তেওঁ ডোনাল্ড ব্ৰেডমেনৰ পৰা ছাকিব আল হাছানলৈকে স্মাৰক সংগ্ৰহ কৰিছে। শচীন তেণ্ডুলকাৰে ২০১২ চনত এই সংগ্ৰহালয় উদ্বোধন কৰিছিল। প্ৰাচীন ক্ৰিকেটৰ পৰা আৰম্ভ কৰি আধুনিক ক্ৰিকেটলৈকে সকলো স্মৃতিসৌধৰ সৈতে এই সংগ্ৰহালয়টো পৰিপাটিকৈ সজাই তোলা হৈছে। শচীন তেণ্ডুলকাৰৰ বাবে সুকীয়া গেলেৰী আছে। বিশ্বকাপ বিজয়ী ১১টা দলৰ খেলুৱৈয়ে স্বাক্ষৰ কৰা বেট আছে।
প্ৰয়াত কিংবদন্তি স্পিনাৰ শ্বেন ৱাৰ্ণৰ ক্ৰিকেট বুট সংগ্ৰহালয়ত আছে। সংগ্ৰহালয়টোত ৫০০ উইকেটৰ বলাৰৰ স্মৃতি বল, হাজাৰ হাজাৰ জাৰ্চি, ব্লেজাৰ, টেষ্ট কেপ, আৰু বহুতো ক্ৰিকেট সামগ্ৰীৰ সংগ্ৰহ আছে। ইতিমধ্যে ‘ব্লাডছ অব গ্ল’ৰী ক্ৰিকেট মিউজিয়াম’ৰ স্থায়ী ঠিকনাৰ বাবে ৰাজ্য চৰকাৰে দুবিঘা মাটি দিছে ৰোহনক।












