দেশত সমলিংগ বিবাহৰ সপক্ষে ৰায় দিয়া নাছিল উচ্চতম ন্যায়ালয়ে (SC did not rule in favour of same-sex marriage)। ‘এলজিবিটিক’ সম্প্ৰদায়ৰ (LGBTK community) লোকসকলে দীৰ্ঘদিন ধৰি সমলিংগ বিবাহৰ বৈধতাৰ বাবে যুঁজ দি আহিছে। ইয়াৰ উপৰি সন্তান তুলি লোৱাৰ অধিকাৰৰ (right to adopt child) বাবেও যুঁজি আছে।
এই যুঁজতো সমকামী লোকসকলে মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়দানত বিশেষ আশা দেখা নাপালে। পাঁচজন ন্যায়াধীশৰ ভিতৰত তিনিজনে দত্তক লোৱাৰ বিৰোধিতা কৰে। বাকী দুজন ন্যায়াধীশে এই দত্তক সমৰ্থন কৰে। ফলত বিচাৰ ৩:২ অনুপাতত বিভক্ত হয়।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰ আৰু ন্যায়াধীশ সঞ্জয় কৌলে কয় যে সমলিংগ দম্পতীক সন্তান দত্তক লোৱাৰ অধিকাৰ দিয়া উচিত। কিন্তু ন্যায়াধীশ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ পি এছ নৰসিংহই মতানৈক্য প্ৰকাশ কৰে।
সমলিংগ বিবাহক বৈধতা প্ৰদান কৰা হʼবনে নহয় সেই ৰায়দানত দত্তক লোৱাৰ বিষয়টো আহিছিল। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “কেৱল বিপৰীত লিংগৰ দম্পতীহে ভাল পিতৃ-মাতৃ হʼব পাৰে এই বিষয়ে অনুমান কৰিব পৰা নাই আইনে।”
তেওঁ লগতে কয়, “কেন্দ্ৰীয় দত্তক সম্পদ কৰ্তৃপক্ষই সমকামী দম্পতীসকলক সন্তান তুলি লোৱাৰ অধিকাৰ অস্বীকাৰ কৰিছে, যি সংবিধানৰ অনুচ্ছেদ 15 উলংঘা কৰে।”উল্লেখযোগ্য যে ভাৰতত সমলিংগ বিবাহ বৈধ হʼবনে নহয় সেই বিষয়ে দীৰ্ঘদিন ধৰি যুঁজ দি আহিছে এলজিবিটিকসকলে।
মঙলবাৰে এই বিবাহৰ আইনী স্বীকৃতি সন্দৰ্ভত ৰায় ঘোষণা কৰাৰ সময়ত ন্যায়াধীশসকলে এই সম্পৰ্কক স্বীকৃতি দিয়ে যদিও বিবাহৰ সপক্ষে ৰায় দিয়া নাই। উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে কেন্দ্ৰীয় সমিতিক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। বিষয়টো বিধায়িনী দলৰ হাতত এৰি দিয়া হৈছে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সমলিংগ সম্পৰ্কৰ বিভিন্ন সমস্যা সমাধানৰ বাবে কেন্দ্ৰৰ এখন সমিতি গঠন কৰাটো প্ৰয়োজনীয়। তাৰ জৰিয়তে সম্প্ৰদায়টোৰ অধিকাৰ সুৰক্ষিত হʼব।