![]()
বিশ্বকাপত (Cricket world cup ) ৭-০ ব্যৱধানত পাকিস্তানৰ বিৰুদ্ধে জয়ৰ ৰেকৰ্ড আছিল ভাৰতৰ। এইবাৰ পাকিস্তানে সেই ৰেকৰ্ড ভঙাৰ বাবে অৱতীৰ্ণ হৈছিল যদিও সেয়া পূৰণ নহ’ল। বৰং ব্যৱধান বৃদ্ধি হ’ল ৮-০ লৈ। পাকিস্তানক সাত উইকেটত পৰাস্ত কৰি ভাৰতে বিশ্বকাপৰ ক্ৰমাগত তৃতীয় বিজয় সাব্যস্ত কৰে।
প্রথমে বেট ধৰি পাকিস্তানে ভাৰতৰ সন্মুখত ১৯২ ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ এই ৰাণ তৃতীয় নিম্নতম। জয়ৰ বাবে সহজ লক্ষ্য লৈ আগ্রাসী আৰম্ভণি কৰে ৰোহিত বাহিনীয়ে। শাহিন আফ্রিদিক প্রথম বলতেই চাৰি কোবায় ৰোহিতে। অৱশ্যে শুভমন গিলে বৃহৎ ৰাণ কৰিব নোৱাৰিলে। ১১ বলত ১৬ ৰাণত আউত হয়। ৰোহিত শৰ্মাই ৬৩ বলত ৮৬ ৰাণৰ অনবদ্য ইনিংছ খেলে। অৱশ্যে কোহলি (১৬) আজি সফল হ’ব নোৱাৰিলে। খেলৰ শেষত লোকেশ ৰাহুল ১৮ ৰাণত আৰু শ্ৰেয়াছ আয়াৰ ৫৩ ৰাণত অপৰাজিত থাকে।













