![]()
বিশ্বৰ সৰ্ববৃহৎ নৰেন্দ্ৰ মোডী ষ্টেডিয়াম (Narendra Modi Stadium)ত আজি অৰিজিত সিঙ (Arijit Singh)ৰ পৰা শংকৰ মহাদেৱন, সুখৱিন্দৰ সিং, সুনিধি চৌহানৰ কণ্ঠই মায়াবী পৰিৱেশৰ সৃষ্টি কৰে। অৱশ্যে অগণন দৰ্শকে টিভিৰ সন্মুখত অপেক্ষা কৰি থাকিলেও অৰিজিত আৰু অন্যান্য তাৰকাৰ অনুষ্ঠান চোৱাত নিৰাশ হʼবলগা হ’ল। কাৰণ এই সাংস্কৃতিক অনুষ্ঠান টিভিত সম্প্ৰচাৰ কৰা নহ’ল (Cultural programme did not air on TV)। আজিৰ দিনটোত কেৱল ষ্টেডিয়ামত উপস্থিত থকা দৰ্শকেহে এই অনুষ্ঠান উপভোগ কৰে।

আজিৰ দিনটোত অৰিজিতক দেখা গʼল সম্পূৰ্ণ বেলেগ অৱতাৰত। যোৱা কেইবছৰমানৰ পৰা প্ৰায় সকলো অনুষ্ঠানতে পাগুৰি পিন্ধা দেখা গৈছে। অৱশ্যে কাপোৰৰ ক্ষেত্ৰত কোনো অতিৰিক্ততা নাই। এই বিশ্বকাপৰ অনুষ্ঠানত গায়কগৰাকীয়ে জিলিকি থকা জেকেট আৰু ডেনিম পিন্ধা দেখা যায়। হাতত চিৰ পৰিচিত গীটাৰখন। ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ৰ ‘তুম কে মিলে’ গীত, ‘জোৱান’ৰ ‘চল্লেয়া’ গীতটোৰ উপৰি তেওঁ গায় ‘জিতে গা জিতে গা ইণ্ডিয়া জিতে গা।’ শনিবাৰে পুৱা অৰিজিতে আহমেদাবাদত উপস্থিত হৈ তাত থকা দৰ্শকক মনোৰঞ্জনেৰে উপচায় দিয়ে। আজিৰ দিনটোত কণ্ঠশিল্পীগৰাকীৰ অনুষ্ঠান টিভিত দেখা নাপালেও বিভিন্ন ছচিয়েল মিডিয়াৰ পৃষ্ঠাত সেয়া ভাইৰেল হৈ পৰে।












