![]()
নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ (ODI World Cup Cricket)ৰ আটাইতকৈ উত্তেজনাপূৰ্ণ মেচখনত বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় পাকিস্তান। ভাৰতীয় বলাৰৰ ক্ষুৰধাৰ আক্ৰমণত (Indian bowlers attack) দিশহাৰা হৈ পৰে পাক বেটছমেন। যাৰ বাবে ৪১.৫ অভাৰতে মাত্ৰ ১৯১ ৰাণত যৱনিকা পৰে পাকিস্তানৰ ইনিংছ (Pakistan’s innings fell for 191 runs)।

ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ৭ অভাৰত মাত্ৰ ১৯ ৰাণৰ বিনিময়ত দুটা উইকেট লাভ কৰে। আনহাতে, মহম্মদ চিৰাজ, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাই দুটাকৈ উইকেট লাভ কৰে ।পাকিস্তানৰ হৈ সৰ্বাধিক ৰাণ আহে বাবৰ আজমৰ বেটৰ পৰা । বাবৰে ৫০ ৰাণ কৰি মহম্মদ চিৰাজৰ হাতত উইকেট বিসৰ্জন দিয়ে। ৰিজৱানে ৪৯ ৰাণ কৰি আউট হয়।












